গ্ৰাহক সেৱা কেন্দ্ৰ আৱন্টনৰ নামত যুৱকৰ পৰা লুটি নিলে 35 হাজাৰ টকা

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:33 PM IST

thumbnail

মৰিগাঁও, 16 ডিচেম্বৰ : অনলাইন প্ৰৱঞ্চকৰ জালত পৰি মৰিগাঁৱৰ এজন যুৱকে হেৰুৱালে 35 হাজাৰ টকা ৷ বেংক অব্ বৰোদাৰ গ্ৰাহক সেৱা কেন্দ্ৰ খোলাবলৈ বুলি জাল পাতি যুৱকজনৰ পৰা প্ৰৱঞ্চকে অনলাইনেযোগে লুটি নিলে উক্ত বৃহৎ পৰিমানৰ ধন ৷

প্ৰৱঞ্চকৰ জালত ভৰি দি ধন হেৰুওৱা যুৱকজন ভুৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰালিমাৰীৰ নাচেক আলী । প্ৰায় এমাহৰ পূৰ্বে হঠাৎ নাচেক আলীলৈ এটা ফোনকল আহিছিল প্ৰৱঞ্চকৰ পৰা ৷ প্ৰথমে নাচেক আলীয়ে গুৰুত্ব দিয়া নাছিল যদিও কোনোধৰণৰ মাচুল অবিহনে CSP পাব বুলি আশাতে সকলো নথিপত্ৰ WhatsApp ৰ জৰিয়তে প্ৰেৰণ কৰিছিল ।

প্ৰায় এমাহৰ পিছত বিগত পাঁচদিন পূৰ্বে নাচেক আলীলৈ পুনৰ এটা ফোনকল আহিছিল আৰু সেই ফোনকলl মেইল চেক কৰিবলৈ কৈছিল । তাৰ পাছৰে পৰা যুৱকজনৰ পৰা বিভিন্ন কথাৰে পতিয়ন নিয়াই ক্ৰমে ২০ হাজাৰ, ১০ হাজাৰ, 5 হাজাৰকৈ মুঠ ৩৫ হাজাৰ টকা লৈ যায় প্ৰৱঞ্চকে ৷  

পৰৱৰ্তী সময়ত নাচেক আলীয়ে বেংক অব্ বৰোদাৰ সৈতে যোগাযোগ কৰাৰ পাছতহে মূৰ সৰগ ভাগি পৰে ৷ পৰৱৰ্তী সময়ত যুৱকজন আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে আটক কৰে অভিযুক্তক ৷

লগতে পঢ়ক : আৰু কিমান যুৱতী প্ৰলোভনৰ বলি হৈছে প্ৰৱঞ্চক কুশলৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.