Japanese encephalitis: এনকেফেলাইটিছত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

By

Published : Aug 13, 2023, 4:43 PM IST

thumbnail

ডিব্ৰুগড় ,13 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ত এইবাৰ এনকেফেলাইটিছ ৰোগে ভয়ংকৰ ৰূপ লৈছে । জিলাখনৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পাইছে এনকেফেলাইটিছত আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যা । শনিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং চমুৱা গাঁৱত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী মহিলাৰ ৷ 

খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত খোৱাং চমুৱা গাঁৱৰ প্ৰয়াত ভৰত গোহাঁইৰ পত্নী ৰেনু গোহাঁইৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ বিগত প্ৰায় 15 দিন ধৰি চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ৷ প্ৰথমে জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হোৱা মহিলাগৰাকী পিচত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো বুলি নিশ্চিত হয় ৷ 

ইয়াৰ পিচৰে পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ৷ ইফালে মহিলাগৰাকী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পাচতে স্বাস্থ্য বিভাগে গাঁওখনত আঁঠুৱা ঔষধিকৰণৰ ব্যৱস্থা কৰিছিল যদিও এতিয়ালৈকে ফগিঙৰ ব্যৱস্থা কৰা নাই বুলি পৰিয়ালে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:  Constituency delimitation 2023: ঐতিহাসিক লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণ, নিৰ্বাচন বৰ্জনৰ হুংকাৰ ক্ষোভিতৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.