Road accident at Rangia: ৰঙিয়াত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত এজন

By

Published : Aug 17, 2023, 5:28 PM IST

thumbnail

ৰঙিয়া, ১৭ আগষ্ট: ৰঙিয়াৰ আই অ’ চিৰ পেট্ৰল পাম্পৰ সমীপত বৃহস্পতিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব‍্যক্তি গুৰুতৰভাৱে আহত হয় ৷ নলবাৰীৰ পৰা বাইহাটা অভিমুখে গৈ থকা ডাম্পাৰে মহতিয়াই নিয়ে চাইকেল আৰোহীজনক । গুৰুতৰভাৱে আহত চাইকেল আৰোহীজন কেকেনীকুছিৰ যোগেশ্বৰ নাথ বুলি জানিব পৰা হৈছে ।

স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত ব‍্যক্তিগৰাকীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ স্থানীয় ব‍্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় । ইফালে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰসহ চালক-হেণ্ডিমেন । দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 25 EC 8255 বুলি জানিব পৰা হৈছে । ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজে ঘটনাটোৰ পিচত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

বিগত প্ৰায় ছয় মাহৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম চলি থকা বাবে পথচোৱাৰে যাত্ৰীসকলৰ যাতায়ত বিপদসংকুল হৈ পৰিছে । প্ৰাধিকৰণে নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত যাতায়তৰ বাবে অন্য এটা বিকল্প পথৰ ব‍্যৱস্থা কৰিব লাগিছিল । কিন্তু বিকল্প উপপথৰ ব‍্যৱস্থা নথকাৰ বাবেই এনে ধৰণৰ সৰু-বৰ দুৰ্ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে বুলি জানিবলৈ দিয়ে ৰাইজে । স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰাৰ পিচতো প্ৰাধিকৰণে কোনো সু-ব‍্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰে এইসকল লোকে ।

লগতে পঢ়ক: Bike accident:ধেমাজিৰ তেলিজান দলঙৰ তলত পৰিল বাইকসহ আৰোহী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.