Protest at Sivasagar : শান্তি প্ৰতিষ্ঠাৰ দাবীত অকলেই প্ৰতিবাদত বহিল প্ৰাঞ্জল ৰাজগুৰু

By

Published : Jan 3, 2023, 2:14 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

নতুন বছৰৰ প্ৰথমটো সপ্তাহতে শিৱসাগৰৰ মাজমজিয়াত দেখা গ'ল অভিনৱ প্ৰতিবাদ । শিৱসাগৰ নগৰত অকলে প্ৰতিবাদত বহিল ইণ্ডিয়ান পেট্ৰিয়টিক ফেডাৰেচন চ'চিয়েলিষ্টৰ মুখ্য সমন্বয়ক প্ৰাঞ্জল ৰাজগুৰু (IPFS Chief Coordinator protest in Sivasagar)। চৰকাৰৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিলে প্ৰাঞ্জল ৰাজগুৰুৱে । আলফা স্বাধীনৰ সৈতে চৰকাৰৰ শান্তি আলোচনাত গতিশীলতা দিয়াৰ দাবী উত্থাপন কৰে প্ৰাঞ্জল ৰাজগুৰুৱে । ইফালে বছৰৰ আৰম্ভণিতে আলফা আৰু চৰকাৰৰ আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্যকো তীব্ৰ সমালোচনা কৰে ৰাজগুৰুৱে (Peace Talks between Govt and ULFA)। এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে ইণ্ডিয়ান পেট্ৰিয়টিক ফেডাৰেচন চ'চিয়েলিষ্টৰ মুখ্য সমন্বয়কগৰাকীয়ে । ইয়াৰ উপৰিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Powers) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰো দাবী জনাই ৰাজগুৰুৱে । লগতে প্ৰতিবাদৰ জৰিয়তে অসমক বিশেষ জনজাতি ৰাজ্যৰ মৰ্যাদা দিয়াৰো দাবী জনাই প্ৰাঞ্জল ৰাজগুৰুৱে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.