চকুৰ পচাৰতে ভস্মীভূত হ’ল মৰমৰ ঘৰখন, মূৰে কঁপালে হাত দিছে গৃহস্থই

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:55 PM IST

thumbnail

জোনাই, 4 ডিচেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৰামধন গাঁৱৰ নিবাসী ভৃগুৰাম তাৰাকৰ বাসগৃহত সোমবাৰে দিন দুপৰতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । জানিব পৰামতে, ঘৰত কোনো নথকাৰ সময়ত বাসগৃহটোত জুইৰ সূত্ৰপাত হয় ৷ লগে লগে গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও জুই নুমুৱাবলৈ সক্ষম নহয় ৷ 

স্থানীয় ৰাইজে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্রপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ৰাইজে ঘটনাৰ লগে লগে জোনাই অগ্নি নির্বাপক বাহিনীক খবৰ দিছিল যদিও ঘটনাস্থলী যথেষ্ট দূৰ হোৱাত অগ্নিনিৰ্বাপক বাহিনী অহালৈ বাসগৃহটো সম্পূর্ণভাৱে জুইত জাহ যায়।

এই অগ্নিকাণ্ডত পৰিয়ালটোৰ গৰু বিক্রী কৰি সাঁচি থোৱা নগদ ধন আৰু আত্মসহায়ক গোটৰ নগদ ধন মুঠ প্ৰায় তিনি লাখ টকা, নথি-পত্ৰ লগতে ঘৰৰ সম্পূৰ্ণ সা-সম্পত্তি ভস্মীভূত হয় ৷ এই ঘটনাৰ পিচতে পৰিয়ালটোৱে সৰ্বস্ব হেৰুৱাই মূৰে কঁপালে হাত দিছে ৷ 

লগতে পঢ়ক: হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.