Illegal pistol seized: ধিঙত অবৈধ পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 8:43 PM IST

thumbnail

নগাঁও, 2 অক্টোবৰ :  ৰাজ্যজুৰি প্ৰতিদিনেই অপৰাধজনিত ঘটনা অভাৱনীয় ৰূপত বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে ৷ এইবাৰ পুনৰ নগাঁৱত মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিছে এজন লোক । সোমবাৰে নগাঁৱৰ ধিঙত এটা 7.56 পিষ্টলসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা লোকজন কুটুম কুমাৰ নাথ । লোকজনে অবৈধ মাৰণাস্ত্ৰ ৰখাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ লোকজন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

এক গোপন সূত্ৰৰ পম খেদি নিজ বাসগৃহৰ পৰা ধিং আৰক্ষীয়ে মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰে কুটুমক । ইতিমধ্যে ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক: NSCN Cadre Jailed: ড্ৰাগছ সৰবৰাহকাৰী NSCN কেডাৰক ২০ বছৰ কাৰাদণ্ড নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.