ETV Bharat / state

NSCN Cadre Jailed: ড্ৰাগছ সৰবৰাহকাৰী NSCN কেডাৰক ২০ বছৰ কাৰাদণ্ড নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:05 PM IST

NSCN Cadre Jailed
NSCN Cadre Jailed

ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত NSCN কেডাৰক কঠোৰতম শাস্তি প্ৰদান কৰিছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে ৷ 2021 চনৰ অক্টোবৰ মাহত নগাঁৱৰ ননৈত গ্ৰেপ্তাৰ হৈছে NSCN কেডাৰ আৰ কে হপিংছন ৷

নগাঁও, 29 ছেপ্টেম্বৰ: ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত NSCN (IM)ৰ কেডাৰক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে ৷ শুকুৰবাৰে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত NSCN (IM)কেডাৰজনৰ বিৰুদ্ধে চূড়ান্ত শুনানি গ্ৰহণ কৰি এই কঠোৰ ৰায় প্ৰদান কৰিছে আদালতে ৷ NDPS গোচৰত এই ৰায়দান আদালতৰ ৷

উল্লেখ্য যে 2021 চনৰ 25 অক্টোৰত নগাঁৱৰ তদনীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত ড্ৰাগছসহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল NSCN (IM)কেডাৰ আৰ কে হপিংছনক ৷ সেই অভিযানৰ সময়ত পলাবলৈ চেষ্টা কৰোঁতে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই চলোৱা গুলীত আহত হৈছিল আৰ কে হপিংছন ৷

ইয়াৰ পাছত আৰ কে হপিংছনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ নগাঁৱৰ ননৈ অঞ্চলতত 2021 চনত গ্ৰেপ্তাৰ হোৱা হপিংছনৰ বিৰুদ্ধে নগাঁও সদৰ থানাত 2695/21 নম্বৰত ৰুজু হৈছিল গোচৰ ৷ পৰৱৰ্তী সময়ত কলিয়াবৰ মহকুমাৰ তদানীন্তন আৰক্ষী বিষয়া মৃন্ময় দাসে দাখিল কৰিছিল গোচৰটোৰ অভিযোগনামা ৷

অসমলৈ ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হপিংছনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানি চলি আছিল নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত ৷ সেই গোচৰৰ শুকুৰবাৰে চূড়ান্ত ৰায় প্ৰদান কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে ৷ NSCN(IM)ৰ কেডাৰ ৰামাই খেজি হপিংছনক 20 বছৰ কাৰাদণ্ডৰ ৰায় দিয়ে আদালতে ৷

উল্লেখ্য যে আৰ কে হপিংছনক গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়া ধ্ৰুৱ বৰা বৰ্তমান গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্তৰ পদত নিযুক্ত হৈ আছে ৷ ইফালে, আৰ কে হপিংছনৰ বিৰুদ্ধে আছে অৰুণাচলৰ বিধায়ক হত্যাৰো অভিযোগ ৷ জানিব পৰা মতে আৰ কে হপিংছন আছিল NSCN(IM)ৰ ডেপুটি কামাণ্ডাৰ ৷

লগতে পঢ়ক: Forest worker death: বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন বনকৰ্মীৰ, তিনিজন গুৰুতৰভাৱে আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.