Nagaon newly appointed SP at Kaliabor: আৰক্ষী নিৱেশত উপস্থিত হৈ সকলোকে নিশ্চিন্ত হৈ থাকিবলৈ ক’লে নৱনীত মহন্তই

By

Published : May 24, 2023, 7:36 AM IST

Updated : May 24, 2023, 11:31 AM IST

thumbnail

নগাঁও, 24 মে’ : নিশা জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হয় নগাঁও জিলাৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্ত (Nagaon newly appointed SP) ৷ নতুনকৈ দায়িত্ব গ্ৰহণ কৰিয়েই জিলাখনৰ আৰক্ষী নিৱেশ আৰু চকীসমূহ পৰিদৰ্শন কৰে মহন্তই ৷ বাগৰি আৰক্ষী চকীৰ লগতে জখলাবন্ধা আৰক্ষী নিৱেশতো উপস্থিত হয় আৰক্ষী অধীক্ষকগৰাকী (Nabaneet Mahanta visits Kaliabor) ।

উল্লেখযোগ‍্য যে, আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভা দুৰ্ঘটনাত পতিত হোৱাৰ পাচতে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে তদনীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ বদলিৰ পাচতে নৱনীত মহন্তই নগাঁও জিলৰ আৰক্ষী অধীক্ষকৰূপে যোগদান কৰিছিল (Nagaon newly appointed SP Nabaneet Mahanta) । ইফালে, জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হৈছে চি আই ডিৰ শীৰ্ষ বিষয়াৰ দল । জোনমণি ৰাভা দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ বাবে উপস্থিত চি আই ডিৰ দল ।

লগতে পঢ়ক : UPSC CSE result 2022 : UPSC ৰ অসামৰিক পৰীক্ষাৰ ফলাফল ঘোষণা; শীৰ্ষ চাৰিটা স্থানত মহিলাৰ আধিপত্য

Last Updated : May 24, 2023, 11:31 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.