Crime in Guwahati: ভৰলু নদীত উদ্ধাৰ মহিলাৰ উলংগ মৃতদেহ; ঘটনাক লৈ চাঞ্চল্য

By

Published : Jul 9, 2023, 8:06 PM IST

thumbnail

গুৱাহাটী, ৯ জুলাই: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । 24 ঘন্টাৰ ভিতৰত মহানগৰীত পুনৰ উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ । ভৰলু নদীত উদ্ধাৰ এগৰাকী মহিলাৰ উলংগ মৃতদেহ । বিৰুবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাম কৃষ্ণ মিছন পথৰ দলঙৰ সমীপত দেওবাৰে উদ্ধাৰ হৈছে মৃতদেহটো । বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই । দেওবাৰে দিনৰ ভাগত মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় বিৰুবাৰী আৰক্ষী ।  

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে। মৃতদেহৰ কাষতে এটা হেলমেট আৰু মৃতদেহৰ হাতত হাতমুজা পৰিধান কৰা অৱস্থাত উদ্ধাৰ কৰা হৈছে । মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰায় এসপ্তাহ মান পূৰ্বে হত্যা কৰা হৈছে বুলি সন্দেহ । ঘটনা সন্দৰ্ভত বিৰুবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে ৷ মহিলাগৰাকীক হত্যা কৰা হৈছিল নে ধৰ্ষণ কৰি হত্যা কৰি ভৰলু নৈত পেলাই দিয়া হৈছিল সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতহে স্পষ্ট হ’ব।

লগতে পঢ়ক:Vegetable Price Hick: মহানগৰীৰ বজাৰে বজাৰে টাস্ক ফৰ্চৰ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.