Vegetable Price Hick: মহানগৰীৰ বজাৰে বজাৰে টাস্ক ফৰ্চৰ অভিযান

By

Published : Jul 9, 2023, 3:38 PM IST

thumbnail

গুৱাহাটী, ৯ জুলাই: পুৱাৰ পৰা মহানগৰীৰ বজাৰে বজাৰে চলিল টাস্ক ফৰ্চৰ অভিযান ৷ সমান্তৰালভাৱে মহানগৰীৰ বেলতলা বজাৰটো চলিল টাস্ক ফৰ্চৰ অভিযান । জিলা প্ৰশাসনৰ যোগান বিভাগ, গুৱাহাটী পৌৰ নিগমকে ধৰি কেইবাটাও বিভাগ সংলগ্ন কৰি গঠন কৰিছে এই টাস্ক ফৰ্চ। 

বজাৰত অত্যৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হৈছে এই টাস্ক ফৰ্চ । প্ৰতিখন বজাৰত অভিযান চলাই দামৰ তাৰতম্যৰ বুজ লৈছে অভিযানকাৰী দলটোৱে । ন্যূনতম দৰত শাক পাচলি বিক্ৰী কৰিবলৈ সকীয়নি দিছে বিক্ৰেতাসকলক । লগতে পাইকাৰী বজাৰৰ লগত সামঞ্জস্য ৰাখি ব্যৱসায় চলাবলৈ নিৰ্দেশ ব্যৱসায়ীসকলক ।  

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিযান সঘনাই চলিব বুলি টাস্ক ফৰ্চৰ সকীয়াই দিছে ব্যৱসায়ীসকলক । নিয়ম নামানি খুচুৰা ব্যৱসায়ীয়ে যধে-মধে দাম ল’লে পৰৱৰ্তী সময়ত কঠোৰ পদক্ষেপ ল’ব বিভাগীয় কৰ্তৃপক্ষই । এই সতৰ্কবাণী টাস্ক ফৰ্চৰ অভিযানকাৰী বিষয়াৰ ৷

লগতে পঢ়ক:Guwahati district library : নতুনকৈ নিৰ্মাণ হ’ব গুৱাহাটী জিলা পুথিভঁৰাল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.