ETV Bharat / state

Guwahati district library : নতুনকৈ নিৰ্মাণ হ’ব গুৱাহাটী জিলা পুথিভঁৰাল

author img

By

Published : Jul 8, 2023, 2:19 PM IST

Guwahati district library at Dighali Pukhuri
নতুনকৈ নিৰ্মাণ হ’ব গুৱাহাটী জিলা পুথিভঁৰাল

পুনৰ্নিমাণ হ’ব ঐতিহাসিক গুৱাহাটী জিলা পুথিভঁৰাল ৷ কৰৰ বোজাত ককবকায় থকা চৰকাৰৰ কৰ্ম-কাণ্ডত অসন্তুষ্টি প্ৰকাশ ৰাজ্যবাসীৰ ৷

গুৱাহাটী, 8 জুলাই : এইবাৰ হাতুৰীৰ কোব পৰিব মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা গুৱাহাটী জিলা পুথিভঁৰালটোত । অচিৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰে গুৱাহাটী জিলা পুথিভঁৰালটোত অচিৰেই ধূলিসাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । একে স্থানতে নিৰ্মাণ কৰা হ’ব অত্যাধুনিক সা-সুবিধাৰে ভৰপূৰ এক দহমহলীয়া ভৱন । ইয়াৰ বাবে প্ৰাথমিকভাৱে প্ৰায় 60 কোটি টকা ব্যয় ধার্য কৰা হৈছে ।

প্রতি মাহতে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ থকা চৰকাৰখনে কৰ-কাটলৰ বোজা জাপি দি সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ বিপৰীতে অপ্রয়োজনীয়ভাৱে চৰকাৰী ভৱনসমূহ ভঙা-গঢ়াৰ নামত ৰাজকোষৰ ধন শৰাধ কৰাকলৈ ৰাইজৰ‌ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱা কামৰূপ (মেট্ট’) জিলা উপায়ুক্তৰ কাৰ্যালয় ভৱনত হঠাতে হাতুৰীৰ কোব পৰাৰ পিচত ঐতিহ্য বিজড়িত গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ জৰিয়তে পুৰণি ভৱনটোত হাতুৰীৰ কোব মাৰিবলৈ ৰাজ্য চৰকাৰ উদ্যত হৈ থকাৰ লগতে ৰবীন্দ্ৰ ভৱন ভাঙিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে । উল্লেখযোগ্য যে যি সময়ত বিভিন্ন জিলা পুথিভঁৰালৰ লগতে গ্রাম্য পুথিভঁৰালসমূহত প্ৰাপ্য বিলৰ ধন পৰিশোধ কৰিব নোৱৰা হেতুকেই দৈনিক কাকতসমূহৰ যোগান বন্ধ হৈ আছে, সেই সময়ত ৰাজ্য চৰকাৰে ইতিমধ্যে মেৰামতিৰ কাম চলি থকা অৱস্থাতে গুৱাহাটী জিলা পুথিভঁৰালটোৰ বৃহদাকাৰ ভৱনটো ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে ।

Guwahati district library at Dighali Pukhuri
নতুনকৈ নিৰ্মাণ হ’ব গুৱাহাটী জিলা পুথিভঁৰাল

প্রাপ্ত তথ্যমতে, প্রায় আঠ কোটি টকা ব্যয়সাপেক্ষে ভৱনটোৰ মেৰামতিৰ কাম-কাজৰ প্রায় অর্ধেক সম্পূৰ্ণ হৈ উঠাৰ মাজতে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ তৰফৰ পৰা জিলা পুথিভঁৰালটোৰ সঞ্চালকগৰাকীক এক পত্রযোগে চৰকাৰী সিদ্ধান্তৰ কথা জনোৱা হৈছে আৰু সেই অনুসৰি সম্পূৰ্ণ প্রকল্প প্রতিবেদন যুগুত কৰাৰ ক্ষেত্ৰত সহযোগিতা বিচাৰিছে । লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা (গৃহ)ৰ নিৰ্দেশমৰ্মে দিছপুৰ আৰু পূব গুৱাহাটী টেৰিট'ৰিয়েল গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে প্ৰেৰণ কৰা পত্ৰখনত স্পষ্টভাৱে কোৱা হৈছে যে ভৱনটো পুৰণি হোৱা হেতুকেই চৰকাৰে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লৈছে । অধিক সুচল আৰু অত্যাধুনিক সা-সুবিধাযুক্ত এক নতুন ভৱন নিৰ্মাণ কৰা হ'ব ।

ইপিনে প্রাপ্ত তথ্যমতে লোকনিৰ্মাণ বিভাগৰ তৰফৰ পৰা ইতিমধ্যে প্রকল্প প্ৰস্তাৱ যুগুতাই উলিওৱাতে ক্ষান্ত নাথাকি ভিতৰি নিৰ্মাণৰ কামটোও এজন বহিৰাগত ঠিকাদাৰক গতাই দিয়াৰ যো-জা চলিছে । ভৱনটোৰ মেৰামতিৰ নামত চৰকাৰে বৃহৎ অংকৰ ধন ইতিমধ্যে ব্যয় কৰাৰ পিচত হঠাতে ভৱনটো ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ টোগলকী সিদ্ধান্তই পুথিভঁৰাল সেৱাৰ লগত জড়িত বিষয়াকৰ্মচাৰীসকলৰো চকু কপালত তুলিছে। কাৰণ মেৰামতিৰ নামত ইতিমধ্যে নতুনকৈ বেৰ নিৰ্মাণ, টাইলছ লগোৱা, শৌচাগাৰ-প্ৰস্ৰাৱাগাৰসমূহ নকৈ নিৰ্মাণ কৰা, ইলেক্ট্রিকেল সাজ-সজ্জাৰ নতুন ৰূপ দিয়া আদি কামবোৰ সম্পাদন কৰা হৈছিল । তেনে সময়তে লোকনির্মাণ বিভাগৰ আজৱ সিদ্ধান্তৰ ফলত পূৰ্বৰ মেৰামতিৰ নামত প্রায় আঠ কোটি টকা পানীত পৰিল ।

এনে অৱস্থাত জিলা পুথিভঁৰালসমূহৰ লগতে গ্রাম্য পুথিভঁৰালবোৰৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত স্বাভাৱিকতেই প্রশ্ন হৈছে— যি সময়ত পুঁজিৰ নাটনিৰ বাবে প্ৰায়বোৰ জিলা পুথিভঁৰাল আৰু গ্ৰাম্য পুথিভঁৰালত দৈনিক কাকতকেইখনৰ যোগান বন্ধ হৈ আছে, দৈনন্দিন খা-খৰচৰ বাবে পুঁজিৰ অভাৱ সেই সময়ত এনেকৈ চৰকাৰী ধনৰ অপচয় কিয় আৰু কাৰ স্বাৰ্থত ? মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে পুৰণি ভৱন‌ ভাঙি নতুন ভৱন নিৰ্মাণ কৰি অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ এয়া কচৰৎ নেকি বুলি বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে ।

লগতে পঢ়ক : Ex ulfa cadre Seeking help : সমস্যাৰে জৰ্জৰিত প্ৰাক্তন আলফা কেডাৰ; বিচাৰিছে অসমবাসীৰ সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.