Mysterious death in Guwahati: মহানগৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; যৌতুকৰ বাবে হত্যা কৰাৰ সন্দেহ

By

Published : May 15, 2023, 8:57 PM IST

thumbnail

গুৱাহাটী, ১৫ মে’ : মহানগৰীৰ জু-ৰোডত বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ নিশাৰাণী কলিতা নামৰ এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত । স্বামীগৃহৰ বিৰুদ্ধে দীৰ্ঘদিনে বোৱাৰীগৰাকীক যৌতুক দাবী কৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ ৷ বোৱাৰীগৰাকীক ডিঙি চেপি হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ (Mysterious death of a Married women in Guwahati)।  

২০২২ বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত জুৰোডৰ ভাস্কৰ নগৰৰ দিগন্ত দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মিৰ্জাৰ নিশাৰাণী কলিতা । স্বামী নথকা অৱস্থাত শাহু ৰেণু বণিকে নিশাৰাণীক যৌতুক বিচাৰি অত্যাচাৰ চলোৱাৰ অভিযোগ কৰিছে পৰিয়ালে । স্বামী দিগন্ত দাসে সকলো জানিও এই ক্ষেত্ৰত মাত মতা নাছিল বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে (Mysterious death in Guwahati)।  

দেওবাৰে সন্ধিয়া হঠাৎ নিশাৰাণীৰ পিতৃগৃহলৈ ফোন কৰে স্বামীয়ে ৷ পেটৰ বিষ হোৱাত মহানগৰীৰ KGMT হাস্পতালত ভৰ্তি কৰোৱাৰ কথা অৱগত কৰে পৰিয়ালৰ লোকক । কিন্তু জানিব পৰা মতে চিকিৎসকে মহিলাগৰাকীৰ ঘৰতেই মৃত্যু হৈছে বুলি প্ৰকাশ কৰিছে । ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে আটক কৰিছে স্বামী দিগন্ত দাসক ৷ আনহাতে নিশাৰাণী কলিতাৰ মৃতদেহ GMCHত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাৰ উচিত তদন্তৰ লগতে ন্যায় বিচাৰিছে নিশাৰাণী কলিতাৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Teacher commits suicide: নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহনন; ঘটনাক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.