গোলাঘাটত পৌৰসভাৰ উচ্ছেদ অভিযান : পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ মূৰত মাধমাৰ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:18 AM IST

thumbnail

গোলাঘাট, 29 নৱেম্বৰ : গোলাঘাটৰ বাছ আস্থানৰ সমীপত পৌৰসভাৰ উচ্ছেদ অভিযান । এক্সকেভেটৰৰ হাতোৰাত ভাঙি চুৰমাৰ হ’ল কেইবাখনো দোকান ৷ ফলত দিক বিদিক হেৰুৱাইছে কেইবাটাও ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰিয়ালে ৷ 

প্ৰাপ্ত খবৰ অনুসৰি, মঙলবাৰে নিশা গোলাঘাটৰ ৰাজপথত আৰক্ষী আৰু চিআৰপিএফৰ সহযোগত পৌৰসভাই মাৰাথন অভিযান চলায় ৷ নগৰৰ বিভিন্ন ঠাইৰ পদপথত সৰু সৰু ব্যৱসায় কৰি কোনোমতে নিজৰ পৰিয়াল পোহপাল দিয়া একাংশ লোকৰ দোকানত অভিযান চলায় পৌৰসভাই ৷ নগৰখনৰ বেচৰকাৰী বাছ আস্থানৰ সমীপত থকা অবৈধভাৱে গঢ় লৈ উঠা দোকানসমূহ ভাঙি চুৰমাৰ কৰি পেলায়।

এই ঘটনাৰ পিচতে শোকত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালকেইটা ৷ পৌৰসভাই কোনোধৰণৰ জাননী জাৰী নকৰাকৈয়ে এই উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীসকলে ৷ চকুৰ সন্মুখত পৰিয়ালৰ বাবে পেটৰ ভাত মুঠি যোগান ধৰা দোকানখন ভাঙি পেলোৱাত ৰাজপথত চকুলো টুকিছে ব্যৱসায়ীসকলে ৷

লগতে পঢ়ক: নগাঁও জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ পৰাই চোৰে লুটিলে 2 লাখ টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.