নগাঁও জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ পৰাই চোৰে লুটিলে 2 লাখ টকা

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:25 AM IST

thumbnail

নগাঁও, 29 নৱেম্বৰ : নগাঁৱত পুনৰ আৰক্ষীক অপেন চেলেঞ্জ দুৰ্বৃত্তৰ । দিন দুপৰতে চাৰিটা দুৰ্বৃত্তই লুটিলে নগদ 2 লাখ টকা। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ চৌহদত । মঙলবাৰে ৰকছিং বৰদলৈ নামৰ জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে বেংকৰ পৰা ঋণ লোৱা দুই লাখ টকা স্কুটীৰ চিটৰ ভিতৰত ভৰাই কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছিল। 

তাৰ পিচতে কিছু সময়ৰ ভিতৰতেই চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই স্কুটীখনৰ চিটৰ লক ভাঙি 2 লাখ টকা লৈ উধাও হয়। এই ঘটনাৰ পিচতে ৰকছিং বৰদলৈয়ে নগাঁৱৰ ইটাচালি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে  ৷ এনেদৰে দিন দুপৰতে চোৰৰ দলে 2 লাখ টকা লৈ উধাও হোৱা কাৰ্যৰ পিচতে জিলাখনৰ আৰক্ষীৰ নিৰাপত্তাৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আঙুলি উঠিছে ৷

লগতে পঢ়ক: ৫ মে'ৰ পৰা ১৪ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ, বৰেলী জিলাত তীব্ৰ আতংক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.