ভিতৰি ভিতৰি হটলাইন থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:00 PM IST

thumbnail

মিৰ্জা, 30 নৱেম্বৰ : "এ আই ইউ ডি এফৰ সৈতে একেবাৰেই সংশ্ৰৱ নাই আৰু আমি সংশ্ৰৱ বিচৰাও নাই ৷ কংগ্ৰেছ দলে এ আই ইউ ডি এফৰ লগত কোনো সংশ্ৰৱ, কোনোধৰণৰ বুজাপৰা কেতিয়াও বিচৰা নাই ৷" এই মন্তব্য সাংসদ তথা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ ৷ দিল্লীৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

সাংসদগৰাকীয়ে পুনৰ কয় যে, কংগ্ৰেছ এখন খোলা কিতাপ ৷ গোপনে গোপনে বুজাপৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ মাজতহে হয় ৷ হিমন্ত বিশ্ব শৰ্মাই আজমলক কি ক’ব লাগে ফোনত কৈ দিয়ে ৷ দুয়োগৰাকীয়ে ধৰ্মৰ দুটা মেৰুত অৱস্থান কৰে অথচ তেওলোকৰ ভিতৰি ভিতৰি হটলাইন থাকে ৷ ইফালে গৌৰৱ গগৈ তেওঁৰ ভাল বন্ধু ৷ গতিকে গৌৰৱ গগৈৰ লগত ভাল বুজাবুজি আছে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ 

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বিজেপিৰ বাবে ৰাজনৈতিক অস্ত্ৰ : লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.