নাগৰিকত্ব সংশোধনী আইন বিজেপিৰ বাবে ৰাজনৈতিক অস্ত্ৰ : লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 5:24 PM IST

thumbnail

ডিব্ৰুগড়, 30 নৱেম্বৰ : নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা'ৰ অধিনিয়ম মাৰ্চ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 'কা' কাৰ্যকৰী হ'বই বুলি ঘোষণা কৰাৰ পিছত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷  কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই ঘোষণাক লৈ বৃহস্পতিবাৰে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

তেওঁ কয় যে, নাগৰিকত্ব (সংশোধনী) আইন বিজেপি চৰকাৰে অতি অহংকাৰপূৰ্ণভাৱে গৃহীত কৰিছে ৷ অসম আৰু উত্তৰ- পূৰ্বাঞ্চলৰ ৰাইজে ৰাজপথলৈ ওলাই আহি 'কা' নালাগে বুলি কোৱাৰ পাছতো 'কা' গৃহীত কৰিলে বিজেপি চৰকাৰে ৷  

অজাপৰ সভাপতিগৰাকীয়ে লগতে কয় যে, বিজেপিৰ কাৰণে এতিয়া নাগৰিকত্ব সংশোধনী আইন ৰাজনৈতিক অস্ত্ৰ ৷ 2024 ৰ লোকসভা নিৰ্বাচন চমু চপাৰ বাবে 'কা'ৰ কথা মনত পৰিছে বিজেপিৰ ৷ লগতে এই আইনৰ জৰিয়তে বিজেপিয়ে অসমৰ ৰাইজৰ ৰাজনৈতিক ভৱিষ্যৎ ধ্বংস কৰিব খুজিছে বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ 

লগতে পঢ়ক : CAA কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে; কলকাতাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.