Ankita Dutta controversy: অংকিতা দত্তৰ বিতৰ্ক সন্দৰ্ভত তদন্তৰ পোষকতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

By

Published : Apr 21, 2023, 5:12 PM IST

thumbnail

মৰিগাঁও, 21 এপ্ৰিল: অংকিতা দত্তৰ বিতৰ্ক সন্দৰ্ভ মন্তব্য প্ৰকাশ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ এই বিষয়টোক লৈ অস্বস্তিত পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, ব্যক্তিগত বিষয়ত দলক সাঙুৰিব নালাগে ৷ অৱশ্যে দুয়োগৰাকী দলীয় সদস্য হোৱাৰ বাবে এই বিষয় সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই উপযুক্ত তদন্ত কৰিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে (MP Pradyut Bordoloi on Ankita row) ৷ 

নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে মৰিগাঁৱত এক ইফটাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ এইদৰে মত প্ৰকাশ কৰে ৷ বৃহস্পতিবাৰে মৰিগাঁৱৰ জালুগুটিৰ সমীপৰ ৰহঢলা বুঢ়া মছজজিদত আয়োজন কৰা এক সমূহীয়া ইফটাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ বৰদলৈয়ে (Pradyut Bordoloi at Iftar party) ৷ 

ইফালে, বিহু অনুষ্ঠানৰ সন্দৰ্ভত চৰকাৰে এইবাৰ বান্ধি দিয়া নিৰ্দেশনাৰ বিষয়ে তেওঁ কয় যে, সমাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত গ্ৰহণ কৰা চৰকাৰৰ ইতিবাচক পদক্ষেপ সমৰ্থন যোগ্য ৷ বিহু অনুষ্ঠানৰ নাম কোনো ধৰণৰ খাম-খেয়ালি বা হুলস্থূল হোৱাতো অনুচিত বুলিও তেওঁ উল্লেখ কৰে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.