Morigaon news: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ নামত মৰিগাঁৱত শপত পাঠ

By

Published : Aug 10, 2023, 10:51 PM IST

thumbnail

মৰিগাঁও, 10 আগষ্ট : মৰিগাঁও পৌৰসভাৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত পঞ্চ সংকল্প গ্ৰহণ কাৰ্যসূচী সম্পন্ন । দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে সন্ধিয়া মৰিগাঁও চহৰৰ বিশিষ্ট ব্যক্তিসকলৰ ৰাষ্ট্ৰ স্বাৰ্থৰ নামত শপত পাঠ ।

"সংকল্প গ্ৰহণ কৰো যে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তবায়িত কৰিম । মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম । দেশৰ সমৃদ্ধ আৰু ঐতিহ্যক লৈ গৌৰৱ কৰিম । দেশমাতৃৰ অখণ্ডতা ৰক্ষা কৰিম, দেশৰ সুৰক্ষা দিয়া সকলক সন্মান কৰিম"-বৃহস্পতিবাৰে এনেদৰে দেশৰ বাবে কেইবাটাও সংকল্প গ্ৰহণ কৰে মৰিগাঁও পৌৰসভাই ।

মৰিগাঁও ৰাজপথত এই সংকল্প গ্ৰহণ পাঠ কৰে মৰিগাঁও পৌৰপতি যোগেশ তামুলীয়ে । এই কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া দ্যুতিভা বৰা প্ৰমুখ্যে কেইবাগৰাকী বিষয় ববীয়াৰ উপৰিও মৰিগাঁও পৌৰসভাৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰিগাঁও পৌৰসভাৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধ্যা হাতে হাতে বন্তি জ্বলাই সকলোৱে ৰাষ্ট্ৰৰ নামত বিভিন্ন সংকল্প গ্ৰহণ কৰে ।

লগতে পঢ়ক : Morigaon: মৰিগাঁৱত মাতৃ দুগ্ধ সপ্তাহ কাৰ্যসূচীৰ সফল সামৰণি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.