Flood in Barpeta: চেঙা সমষ্টিত কুৰিৰো অধিক গাঁও বানৰ কবলত

By

Published : Jun 23, 2023, 7:24 PM IST

thumbnail

বৰপেটা, ২৩ জুন : চেঙা সমষ্টিৰ বান পৰিস্থিতি ভয়াৱহ । কুৰিৰো অধিক গাঁও বানৰ কবলত । নগাঁও-সৰ্থেবাৰী পকীপথৰ ওপৰেৰে বৈছে পানীৰ তীব্ৰ সোঁত । বানৰ ফলত বিভিন্ন বাট-পথ খহিছে । ওখ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই । অন্ন, বাসস্থানৰ অভাৱত ভূগিছে বন্যাৰ্ত । বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক আশ্ৰাফুল হুছেইনে ।

একাঠু পানী গচকি বানাক্ৰান্তৰ কাষ চাপিল বিধায়ক আশ্ৰাফুল । বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে বিধায়কগৰাকীয়ে । বানাক্ৰান্তৰ অভাৱ-অসুবিধা দূৰ কৰাৰ আশ্বাস বিধায়কগৰাকীৰ । ভূটানে পানী এৰি দিয়াৰ ফলতে বৰপেটাৰ ৰাইজে প্ৰতিবছৰে বানত ককবকাই থাকিবলগীয়া হৈছে বুলি কৈ ভূটানৰ পানী এৰি দিয়া কাৰ্যও বন্ধ কৰাৰ দাবী তোলে বিধায়ক আশ্ৰাফুল হুছেইনে । পহুমাৰা, নখন্দা, কালদিয়া, বুঢ়াদিয়া, চাউলখোৱা, টিহু নদীত মথাউৰি নিৰ্মাণৰ দাবী তোলে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : Pathetic condition of a road: শোচনীয় পথে জ্বলা-কলা খুৱাইছে ধেমাজিবাসীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.