Modak Ringang Kobbang: জোনাইত মৌদক ৰৃংগং কৌবাঙৰ ৰূপালী জয়ন্তী উদযাপন

By

Published : May 7, 2023, 9:57 PM IST

thumbnail

জোনাই, ৭ মে': জোনাইৰ তাৰি বিজয়পুৰৰ তাকাব চন্দ্র মেদক ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মৌদক ৰৃংগং কৌবাঙৰ ৰূপালী জয়ন্তীৰ আজি সামৰণি অনুষ্ঠান (SilverJubilee of Modak Ringang Kobbang)। মেজোনাইৰ তাৰি বিজয়পুৰৰ তাকাব চন্দ্র মেদক ক্ষেত্ৰত ৬ মে’ৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মৌদক ৰৃংগং কৌবাঙৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ অন্তিম দিনা কেইবাটাও আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয় ।

শনিবাৰে তাকাব চন্দ্ৰ মেদক ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল এক উখল মাখল পৰিৱেশ (Modak Ringang Kobbang in Jonai)। মৌদক ৰৃংগং কৌবাঙৰ সভাপতি প্ৰগ্ৰেছ মেদকে পতাকা উত্তোলন, উপ-সভাপতি ৰবিনাথ মেদকে স্মৃতি তৰ্পণ আৰু গমনসিং মেদকৰ বৃক্ষ ৰোপণ কাৰ্যসূচীৰে মেদক ৰৃংগং কেবাঙৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয় । দুই শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীত শিশুসকলৰ মাজত সাহিত্য, চিত্ৰাংকন, কুইজ আৰু আকস্মিক বক্তৃতাৰ লগতে বোৱাৰী জীয়ৰী সকলে প্ৰদৰ্শন কৰে আনু নৃত্য, গোমৰাগ নৃত্য আদি ।

লগতে পঢ়ক: Show Cause notice to AIUDF MLA : মন্ত্রী পীযুষ হাজৰীকাক তোষামোদ কৰিবলৈ গৈ বিপদত বিধায়ক নিজামউদ্দিন চৌধুৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.