ETV Bharat / state

Show Cause notice to AIUDF MLA : মন্ত্রী পীযুষ হাজৰীকাক তোষামোদ কৰিবলৈ গৈ বিপদত বিধায়ক নিজামউদ্দিন চৌধুৰী

author img

By

Published : May 7, 2023, 2:30 PM IST

কিছুদিন পূৰ্বে বিধায়ক নিজামউদ্দিন চৌধুৰীয়ে মন্ত্ৰী পীযুষ হাজৰীকাক এ আই ইউ ডি এফৰ 'মেইন মানুহ' বুলি কৈছিল । সেই মন্তব্যৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (AIUDF MLA controversial comments)। এ আই ইউ ডি এফ দলে বিধায়কগৰাকীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে ।

Show Cause notice to AIUDF MLA
পীযুষ হাজৰীকাক তোষামোদ কৰিবলৈ গৈ বিপদত বিধায়ক নিজামউদ্দিন চৌধুৰী

গুৱাহাটী,৭ মে' : কথাতে বঁটা পায় আৰু কথাতে কটা যায় । এইবাৰ কথা কৈ বিপদত পৰিল এ আই ইউ ডি এফৰ বিধায়ক নিজামউদ্দিন চৌধুৰী (AIUDF MLA controversial comments)। মন্ত্রী পীযুষ হাজৰীকাক ভাল লগাবলৈ গৈ মন্ত্রীগৰাকীক এ আই ইউ ডি এফৰ 'মেইন মানুহ' বুলি কৈ বিপদত পৰিল আলগাপুৰৰ বিধায়ক নিজামউদ্দিন চৌধুৰী । ইয়াৰ বাবে দলৰ পৰা নিলম্বিত হ'ব পাৰে আলগাপুৰ সমষ্টিৰ বিধায়কগৰাকী !

ইতিমধ্যে এই সন্দৰ্ভত বিধায়ক নিজামউদ্দিন চৌধুৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে এ আই ইউ ডি এফ দলে (Show Cause notice to Nizam Uddin Choudhury)। দলে দিয়া জাননীৰ উত্তৰ বিধায়ক চৌধুৰীয়ে ৭ দিনৰ ভিতৰত দিব লাগিব । জানিব পৰা মতে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ সন্তোষজনক নহ'লে নিলম্বিত হ'ব পাৰে নিজামউদ্দিন চৌধুৰী । উল্লেখ্য যে আলগাপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰীকাক 'আপুনিতো আমাৰ মেইন মানুহ' বুলি কৈছিল ।

Show Cause notice to AIUDF MLA
বিধায়ক নিজামউদ্দিন চৌধুৰীক কাৰণ দৰ্শোৱা জাননী

লক্ষণীয় বিষয় যে বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতে ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছ দলে ইয়াৰ সুবিধা গ্ৰহণ কৰি বিজেপি আৰু এ আই ইউ ডি এফক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । ইফালে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে নিজ দলৰ বিধায়কৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বিধায়ক নিজামউদ্দিন চৌধুৰীৰ মন্তব্যই আমাক অপমানিত কৰিছে, আমি দুখ পাইছোঁ ।" তেওঁ লগতে কয় যে পীযুষ হাজৰীকাক এ আই ইউ ডি এফৰ মেইন মানুহ বুলি কৈ বিধায়ক নিজামউদ্দিন চৌধুৰীয়ে দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সন্মান লাঘৱ কৰিছে ।

উল্লেখ্য যে দলে বিধায়ক নিজামউদ্দিন চৌধুৰীলৈ জাৰি কৰা জাননীত দলে তেওঁৰ মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিধায়ক চৌধুৰীৰ উক্ত ৰাজহুৱা বক্তব্য দলৰ নীতি আৰু মৰ্যাদাৰ বিৰুদ্ধ বুলি জাননীত উল্লেখ কৰা হয় । ইয়াৰ বাবে এ আই ইউ ডি এফ দল তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দায়বদ্ধ । তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা কিয় লোৱা নহ'ব তাৰ উত্তৰ দিব লাগিব বিধায়ক নিজামউদ্দিন চৌধুৰীয়ে । তেওঁক দলে ৭ দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:Pijush Hazarika viral video with AIUDF MLA : সঁচাকৈ মন্ত্ৰী পীযুষ হাজৰীকা 'AIUDFৰ মেইন মানুহ' নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.