77th Independence Day:৭৭ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন বিধায়ক পদ্ম হাজৰিকাৰ

By

Published : Aug 15, 2023, 4:39 PM IST

thumbnail

চতিয়া, ১৫আগষ্ট : চতিয়া সমষ্টিৰ জামুগুৰিহাটস্থিত নদুৱাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত মঙলবাৰে উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস  ৷ এই উপলক্ষে পূৱা পতাকা উত্তোলন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই  ৷

পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় - ‘দেশৰ স্বাধীনতা অনাৰ ক্ষেত্ৰত আত্মবলিদান দিয়া ব্যক্তি সকলক আজিৰ দিনটোত আমি শ্ৰদ্ধা সহকাৰে সোৱঁৰিছো  ৷ ভাৰত ৰাষ্ট্ৰৰ প্ৰতি অহা প্ৰতিটো ভাবুকি আমি ওফৰাই পেলাব পাৰিব লাগিব’  ৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দেশ আৰু অসম ৰাজ্যক লৈ যি পৰিকল্পনা কৰিছে তাত সকলোৰে সহযোগিতা কামনা কৰিছে বুলি পদ্ম হাজৰিকাই অসমৰ মানুহক অৱগত কৰে ৷  প্ৰতিটো জাতি জনগোষ্ঠীয় ৰাইজৰ মাজত আমি মিলন সেতু গঢ়ি ভাতৃত্ববোধৰ এনাজৰী ডাল কটকটীয়া কৰাৰ আজিৰ দিনটোত সকলোৱে সংকল্প লওঁ আহক বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

পতাকা উত্তোলন কাৰ্যসূচীত নদুৱাৰ পৌৰসভাৰ লগতে ১০টা কৈ গাঁওপঞ্চায়তৰ দলীয় কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : 77th Independence Day : অসম বিধানসভাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.