Kamalakhya Dey Purkayastha : ইডি, চিবিআইৰ ভয়ত বিজেপিত যোগদান কৰা সকলেই দুৰ্নীতি পৰায়ণ: কমলাক্ষ দে’ পুৰকায়স্থ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:59 PM IST

thumbnail

কৰিমগঞ্জ, 9 নৱেম্বৰ : বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক ৷  

সংবাদমেলত বিধায়কগৰাকীয়ে কয় যে, চি এম ভিজিলেন্স, ইডি, চিবিআইৰ ভয়ত যি সকলে বিজেপিত যোগদান কৰে সেইসকলেই দুৰ্নীতি পৰায়ণ ৷ এতিয়া অসমত দুৰ্নীতিৰ বজাৰ চলিছে ৷ কোনে বেছি দুৰ্নীতি কৰিব পাৰে সেয়াই এতিয়া সকলোৰে মুখ্য উদ্দেশ্য ৷  

বিধায়কজনে কয় যে "এতিয়া আপুনি বিজেপি কৰিলে দুৰ্নীতি কৰিব পাৰিব, বিজেপি কৰিলে চিণ্ডিকেট কৰিব পাৰিব, বিজেপি কৰিলে দুই নম্বৰী কাম কৰিব পাৰিব ৷ বিজেপি এতিয়া দুৰ্নীতিৰ লাইচেন্স হৈ গ’ল ৷"  

তেওঁ কয় ডাঙৰ ডাঙৰ দুৰ্নীতি কৰা সকলৰ শেষ ঠিকনা হৈছে বিজেপি দল ৷ লগতে তেওঁ কয় যে, সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি কি অভিযোগ আছে আৰু তেওঁ কিয় বিজেপিৰ শৰণাপন্ন হৈছিল ৷

লগতে পঢ়ক : Lok Sabha Election 2024 : আসন বুজাবুজিক লৈ শনিবাৰে মিত্রদলৰে বৈঠকত মিলিত হ'ব বিগ ব্ৰাডাৰ বিজেপি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.