ETV Bharat / state

Lok Sabha Election 2024 : আসন বুজাবুজিক লৈ শনিবাৰে মিত্রদলৰে বৈঠকত মিলিত হ'ব বিগ ব্ৰাদাৰ বিজেপি

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 7:21 PM IST

Updated : Nov 9, 2023, 9:52 PM IST

শনিবাৰে অনুষ্ঠিত হ'বলগীয়া বৈঠকত মিত্ৰদলৰে আসন ভাগ-বাটোৱাৰাৰ সন্দৰ্ভত শাসকীয় দল বিজেপিয়ে চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা । বাজপেয়ী ভৱনত অনুষ্ঠিত হ'বলগীয়া বৈঠকত বিজেপি নেতৃত্বই মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ নেতৃত্বৰে আলোচনাত মিলিত হ'ব । মিত্ৰদল অগপ আৰু ইউ পি পি এলক এখনকৈ আসন দিয়াৰ সম্ভাৱনা ।

Assam BJP alliance
আসন বুজাবুজিক লৈ শনিবাৰে মিত্রদলৰে বৈঠকত মিলিত হ'ব বিগ ব্ৰাডাৰ বিজেপি

গুৱাহাটী, ৯ নৱেম্বৰ : লোকসভা নিৰ্বাচন সমাগত । সকলো ৰাজনৈতিক দল নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে । এফালে বিজেপি মিত্ৰজোঁটৰ তৎপৰতা আৰু আনফালে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১৫ টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্যমঞ্চৰ তৎপৰতা । অকলশৰীয়া এ আই ইউ ডি এফ দলো হাত সাৱটি বহি থকা নাই ।

আনহাতে মিত্ৰতাত থাকিলেও সকলো দলেই নিজাববীয়াকৈ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে । ইফালে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগেলগে আসন বুজাবুজিৰ বিষয়টোও চৰ্চালৈ আহিছে । কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১৫ টা বিৰোধী ৰাজনৈতিক দলৰ মাজত আসন ভাগ-বাটোৱাৰৰ বিষয়টো এতিয়াও আলোচনা হোৱা নাই । সেইদৰে শাসকীয় দল বিজেপিয়েও আসন বুজাবুজি সন্দৰ্ভত মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ সৈতে আলোচনাত বহা নাই ।

আনুষ্ঠানিক আলোচনা নহ’লেও কিন্তু বিগ ব্ৰাদাৰ বিজেপিয়ে মিত্ৰদল অগপ আৰু ইউ পি পি এলক কেইখন আসন দিব সেয়া একপ্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে । ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অগপক নিশ্চিত জয়ৰ এখন আসন দিয়াৰ কথা সদৰী কৰিছে । কিন্তু সভাপতি ভৱেশ কলিতাৰ ঘোষণাৰ পাচতে মিত্ৰদল অগপত অসন্তুষ্টিয়ে দেখা দিছে ।

অগপই চাৰি-পাঁচখন আসনৰ আশা পুহি ৰাখিছে । আনকি অগপই নিজৰ বাবে সমষ্টিও নিৰ্ধাৰণ কৰিছে । কাৰো বোকোচাত উঠি অগপই নিৰ্বাচন নেখেলে বুলিও অগপ নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । তেনেস্থলত স্বাভাৱিকতে মিত্ৰজোঁটত মনোমালিন্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ প্ৰভাৱ যাতে আগন্তুক লোকসভা নিৰ্বাচনত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হোৱা শাসকীয় দলটোৰ শনিবাৰে অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকখনত মিত্ৰদলৰে আসন ভাগ-বাটোৱাৰাৰ প্ৰসংগত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হ'বলগীয়া বৈঠকত বিজেপি নেতৃত্বই মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ নেতৃত্বৰে আলোচনাত মিলিত হ'ব । উক্ত বৈঠকত আসন ভাগ-বাটোৱাৰা চূড়ান্ত কৰা হ'ব বুলি জানিব পৰা গৈছে । অৱশ্যে এখন বৈঠকতে সিদ্ধান্ত চূড়ান্ত হ'ব নে নাই সেয়া নিশ্চিত নহয় ।

উল্লেখ্য যে বিজেপিয়ে এঘাৰ প্লাছৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে । মিত্ৰদলক আসন এৰি দিলেও নিশ্চিত জয়ৰ বাবে বিজেপিয়ে কোনো ত্ৰুটি ৰাখিব বিচৰা নাই । যাৰ বাবে বিশেষ সতৰ্কতাৰে আগবাঢ়িছে শাসকীয় দলটো । আসন বুজাবুজি নহ’লেও কিন্তু বিজেপিৰ মিত্ৰদল অগপ আৰু ইউ পি পি এলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজাববীয়াকৈ ইতিমধ্যে কুচ-কাবাজ আৰম্ভ কৰিছে ।

মন কৰিবলগীয়া ইউ পি পি এলক আসন এৰি দিয়াৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ বিজেপি বিশেষ সমস্যাৰ সন্মূখীন নহয় । কাৰণ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিতহে ইউ পি পি এলৰ ভেঁটি আছে । ইয়াৰে কোকৰাঝাৰ সমষ্টি ইউ পি পি এলক এৰি দিয়াৰ সম্ভাৱনা আছে যদিও নিশ্চিত জয়ৰ বাবে বি পি এফকো লগত ৰখাৰ কূটকৌশল ৰচনা কৰিছে বিজেপিয়ে । যাতে কোকৰাঝাৰৰ লগতে দৰং-ওদালগুৰি সমষ্টিটো বিজেপিয়ে হেৰুৱাবলগা নহয় ।

বিজেপিৰ বাবে অগপক লৈহে কিছু সমস্যা আছে । বিজেপিয়ে অগপক এখন আসন দিবলৈ বিচাৰিছে যদিও অগপই অসন্তুষ্টি ব্যক্ত কৰিছে । অগপই বৰপেটা আৰু কাজিৰঙা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে বিশেষ গুৰুত্ব দিছে । কিন্তু বিজেপিৰ ফালৰ পৰা উক্ত সমষ্টি দুটা অগপক এৰি দিয়াৰ সম্ভাৱনা নাই ।

বিজেপিয়ে অগপক শোণিতপুৰ সমষ্টিটো এৰি দিয়াৰ সম্ভাৱনা আছে । কাৰণ বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসে সংসদীয় নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰা নাই । তেওঁ পুনৰ ৰাজ্যৰ ৰাজনীতিত থকাৰহে মন মেলিছে । তেনেস্থলত শোণিতপুৰ সমষ্টিটো অগপক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে । লক্ষ্যণীয় বিষয় যে ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক তিনিখন আসন দিছিল যদিও এখনতো জয়ী হ'ব নোৱাৰিলে । বৰপেটা, কলিয়াবৰ আৰু ধুবুৰী সমষ্টিত পৰাজয় বৰণ কৰিছিল অগপই । যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বিজেপিয়ে অলপো ৰিস্ক ল'ব বিচৰা নাই ।

আনহাতে অগপক অসন্তুষ্টও কৰিব বিচৰা নাই বিজেপিয়ে । শনিবাৰে অনুষ্ঠিত হ'বলগীয়‍া বিজেপিৰ বৈঠকত এই সকলো দিশৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । তেনেস্থলত শনিবাৰৰ বৈঠকখন বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচনা কৰা হৈছে । ২০২৪ৰ নিৰ্বাচনত যাতে কোনোধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ বৈঠকত সিদ্ধান্ত ল'ব বিজেপিয়ে । অৱশ্যে অগপই অসন্তুষ্টি ব্যক্ত কৰিলেও বিগ ব্ৰাডাৰ বিজেপিয়ে লোৱা সিদ্ধান্ত যে অৱশেষত মানি ল'ব সেই কথা নুই কৰিব নোৱাৰি । কাৰণ অগপৰ হাতত তাৰ বাহিৰে বিশেষ কোনো বিকল্পও নাই ।

লগতে পঢ়ক : PM Modi Slams Congress : কংগ্ৰেছক ১০০ বছৰলৈ ক্ষমতাচ্যুত কৰাৰ প্ৰয়োজন: প্ৰধানমন্ত্ৰী মোদী

Last Updated : Nov 9, 2023, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.