ETV Bharat / bharat

PM Modi Slams Congress : কংগ্ৰেছক ১০০ বছৰলৈ ক্ষমতাচ্যুত কৰাৰ প্ৰয়োজন: প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:54 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মধ্যপ্ৰদেশত পৃথক পৃথক স্থানত সভা অনুষ্ঠিত কৰে । ছত্ৰপুৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছক ক্ষমতাৰ পৰা আঁতৰাই ৰখাটো প্ৰয়োজনীয় ।

কংগ্ৰেছক ১০০ বছৰলৈ ক্ষমতাচ্যুত কৰাৰ প্ৰয়োজন; প্ৰধানমন্ত্ৰী মোদী
PM Modi Slams Congress

নিউজ ডেস্ক, ৯ নৱেম্বৰ : মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । অহা ১৭ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে মাৰবান্ধি নামিছে । বৰ্তমান ৰাজ্যখনত দুয়োটা দলৰ ষ্টাৰ কেম্পেইনাৰসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে । মধ্যপ্ৰদেশৰ আকাশ-বতাহত এতিয়া কেৱল নিৰ্বাচনী ৰাজনীতিৰ গুঞ্জন । তাৰ মাজতে বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে মধ্যপ্ৰদেশত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

মোদীয়ে সাতনাত এখন নিৰ্বাচনী জনসভা অনুষ্ঠিত কৰাৰ পিছত ছত্ৰপুৰত উপস্থিত হয় । তাত জনসমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছক ১০০ বছৰৰ বাবে ক্ষমতাৰ পৰা আঁতৰত ৰখাটো প্ৰয়োজনীয় । ভাৰতত দাৰিদ্ৰতা পৰ্যটন কংগ্ৰেছেই আৰম্ভ কৰিছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে বুন্দেলখণ্ডৰ শোচনীয় পৰিস্থিতিৰ বাবেও কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰে । তেওঁ লগতে অভিযোগ কৰে যে বুন্দেলখণ্ডত পূৰ্বপুৰুষসকলে ভালদৰে পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । কিন্তু স্বাধীনতাৰ পিছত, বুন্দেলখণ্ড প্ৰতিটোপাল পানীৰ বাবে তৃষ্ণাতুৰ হৈ আহিছে । প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়ে যে বুন্দেলখণ্ডৰ জনসাধাৰণক তৃষ্ণাতুৰ কৰি ৰখা কংগ্ৰেছক ১০০ বছৰৰ বাবে ক্ষমতাচ্যুত কৰি ৰাখিব লাগে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পানীৰ বাবে চটফটাই থকাটো কেনে ধৰণৰ, ক্ষমতা অবিহনে চটফটাই থকাটো কেনে ধৰণৰ সেয়া অনুভৱ কৰাবলৈ কংগ্ৰেছক ক্ষমতাৰ পৰা বাহিৰত ৰাখিব লাগিব । তেতিয়াহে কংগ্ৰেছ নেতাসকল সঠিক স্থানলৈ আহিব । কংগ্ৰেছ দলক শাস্তি দিয়াটো প্ৰয়োজনীয় । প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে কেন-বেটৱা পূৰ্বতেও প্ৰবাহিত হৈ আছিল । মোদী যুগত ইয়াৰ প্ৰবাহ আৰম্ভ হোৱা নাছিল । তেতিয়াহ'লে কংগ্ৰেছে জনসাধাৰণক পানী যোগানৰ বাবে কিয় চেষ্টা চলোৱা নাছিল । মোদী অহালৈ অপেক্ষা কৰি আছিল, যাতে তেতিয়াহে ৪৫,০০০ কোটি টকা ব্যয়েৰে জনসাধাৰণৰ বাবে কেন-বেটৱা সংযোগ আঁচনিৰ কাম কৰা হ'ব ।

কংগ্ৰেছে বুন্দেলখণ্ডৰ ভূমিৰ শক্তিক অৱমূল্যায়ন কৰিছিল । দাসত্বৰ মানসিকতাই তেওঁলোকক দেশৰ বিকাশ আৰু ঐতিহ্যৰ পৰা আঁতৰাই পেলাইছিল । ছত্ৰপুৰৰ খুৰচান, জাটাশংকৰ মন্দিৰ, ভীমকুণ্ড আৰু বহুতো জলপ্ৰপাতৰ কথাও তেওঁ উল্লেখ কৰে । মোদীয়ে কয় যে কংগ্ৰেছে এই উত্তৰাধিকাৰীক উপেক্ষা কৰিছিল । ৰাণী দুৰ্গাৱতীকো তেওঁলোকে দেখা নাছিল । সকলোবোৰ দিল্লীৰ পৰা আৰম্ভ হৈছিল আৰু দিল্লীতে শেষ হৈছিল । যদি তেওঁলোকে কেতিয়াবা বিদেশী বন্ধুসকলক দিল্লীৰ পৰা বাহিৰলৈ লৈ গৈছিল, তেন্তে তেওঁলোকে দেশৰ দাৰিদ্ৰতাহে দেখুৱাব পাৰিছিল ।

লগতে পঢ়ক :Madhya Pradesh Election 2023 : মধ্যপ্ৰদেশত পৰস্পৰক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.