Kamalakhya Dey Purkayastha: চি এম ভিজিলেন্সৰ অভিযানক আদৰণি জনাই মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধেও তদন্তৰ আহ্বান

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:16 PM IST

thumbnail

নলবাৰী,  ২৮ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ গৃহত অভিযান চলোৱা সন্দৰ্ভত নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে । তেওঁ কয় যে, ‘‘পাঁচজনে একেলগে মিলি ৩ কোটি ২০ লাখ টকাৰে বাগানখন ক্ৰয় কৰিছিলো । ২০১১ চনৰ পৰা ২০২৩ চনলৈ বিধায়ক হিচাপে যি কেইটা দৰমহা পাওঁ তাৰেই জমা টকাৰে অংশ লগ লগাই আন পাঁচজন লোকৰ সৈতে বাগানখন ক্ৰয় কৰিছিলোঁ । আমি সৰু মানুহ, ক্ষুদ্ৰ কিবা এটা কৰিছোঁ, তাতো মুখ্যমন্ত্ৰীয়ে তদাৰকী শাখা লগাই অভিযান চলাইছে ৷ মই আদৰণি জনাইছোঁ, কিন্তু ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ বৃহৎ সম্পত্তিক লৈয়ো অভিযান চলক ৷ ইয়ে অসমৰ মানুহৰ মনত শান্তি দিব ৷’’

তেওঁ লগতে কয়, ‘‘মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কথা কোৱাৰ পিচতে এতিয়া প্ৰতিযোগিতা আৰম্ভ হৈছে চৰকাৰ আৰু বিৰোধীৰ মাজত ৷ ‘‘বিধানসভাত মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক, মুখ্যমন্ত্ৰীৰ পত্নীয়ে দহ হাজাৰ কোটি টকাৰ ৰাজসাহাৰ্য পোৱা কথাবোৰ বিৰোধীয়ে উল্লেখ কৰাৰ বাবে এতিয়া চি বি আই, চি আই ডি, চি এম ভিজিলেন্স আদি আমাৰ ওপৰত জাপি দিছে । মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে যদি তেওঁৰ পত্নীয়ে গোটোৱা সম্পত্তিৰ ওপৰত এইবোৰ লগাই অভিযান চলাওক !’’ 

বিধায়কগৰাকীয়ে উল্লেখ কৰে, ‘‘গণতন্ত্ৰত এনে দিন আহিব বুলি ভাবিব পৰা নাছিলো ৷ আমি সৰু মানুহ আৰু দহটা চি এম ভিজিলেন্স লগালেও আমাৰ মুখ বন্ধ কৰিব নোৱাৰে । বিভিন্ন ফালৰ পৰা আমাক হেঁচা প্ৰয়োগ কৰা হৈছে ৷’’  চি এম ভিজিলেন্সৰ আগত হাজিৰ হ’ব লাগিলেও হাজিৰ হ’ব বুলিও মন্তব্য কৰে কমলাক্ষ দে’ পুৰকায়স্থই ।

আনহাতে মন্ত্ৰী পীযুষ হাজৰীকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ  কয়, ‘‘অসম এতিয়া ছিণ্ডিকেটৰ স্বৰ্গৰাজ্যত পৰিণত হৈছে ৷ অসমত ছিণ্ডিকেট বিধায়ক বুলি ক’লে সকলোৱে পীযুষ হাজৰীকা বুলিয়েই চিনি পাই ৷’’

লগতে পঢ়ক : Separation of Barak: পৃথক বৰাক বিচাৰিলে প্ৰদীপ দত্ত ৰয়ে; বিধায়ক কমলাক্ষৰ খং মুখ্যমন্ত্ৰীলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.