Separation of Barak: পৃথক বৰাক বিচাৰিলে প্ৰদীপ দত্ত ৰয়ে; বিধায়ক কমলাক্ষৰ খং মুখ্যমন্ত্ৰীলৈ

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 1:04 PM IST

thumbnail

নলবাৰী, ২৮ ছেপ্টেম্বৰ: পুনৰ পৃথক বৰাকৰ প্ৰসংগৰে অসম বিভাজন কৰাৰ দাবী তুলিলে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰয়ে ৷ এইবাৰ কলকাতা প্ৰেছ ক্লাৱত সংবাদমেল পাতি প্ৰদীপ দত্ত ৰয়ে দাবী কৰিলে পৃথক বৰাক ৰাজ্য ৷ তথাকথিত বুদ্ধিজীৱী প্ৰদীপ দত্ত ৰয়ৰ মতে, অতি জাতীয়তাবাদী জাতি অসমীয়া আৰু শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত হৈছে অসমৰ বঙালী যুৱক-যুৱতীসকল ৷ দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে বঙালীসকল অসমত উৎপীড়ণৰ বলি হোৱা বুলি অভিযোগ কৰি এতিয়া আৰু অসমৰ সৈতে থকাৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰিছিল ৷

তেওঁৰ এই মন্তব্য পিচেতেই পৃথক বৰাক সন্দৰ্ভত উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰদীপ দত্ত ৰয়ৰ এই অসমীয়া বিৰোধী মন্তব্য সন্দৰ্ভত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে, মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাতেই এনে নেতাই অসমখন ভাগ ভাগ কৰিবলৈ সাহস কৰিছে । মুখ্যমন্ত্ৰীয়ে নিজেই অসমখন ভাগ-ভাগ কৰিব বিচাৰিছে বুলি মত প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে । 

ভাৰত স্বাধীন হোৱাৰে পৰা বৰাকে ভাৰতীয় হৈ অসমীয়া বুলি চিনাকী দি আহিছে । বৰাক ভেলীত চৰকাৰী চাকৰিয়াল নাই তৎসত্বেও বৰাকৰ ৰাইজে অসম আৰু ভাৰতীয় হিচাপেই চিনাকী দাঙি ধৰি আহিছে । কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে সকলোকে পৃথক বৰাকৰ বাবে উৎসাহিত কৰি আছে ।

বৰাকত গৈ পৃথক বৰাক দিম বুলি কোৱাৰ বাবে প্ৰদীপ দত্ত ৰয়ৰ দৰে লোকে পৃথক বৰাকৰ বাবে দাবী কৰিবলৈ সাহস কৰিছে বুলি মত প্ৰকাশ কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই । অসমৰ জাতি-জনগোষ্ঠীৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰা মূল নায়কজনেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে । পৃথক বৰাক সন্দৰ্ভত এনেবোৰ মন্তব্যৰ বাবে নলবাৰীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে তেওঁ ৷

লগতে পঢ়ক : Congress AIUDF alliance : AIUDF ৰ লগত কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহয়; কমলাক্ষ দে’ পুৰকায়স্থ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.