MLA Jayant Basumatary : লাট মণ্ডলক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

By

Published : Jan 21, 2023, 10:12 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ক্ষমতা প্ৰয়োগত কৃপণালি নকৰা বিধায়ক জয়ন্ত বসুমতাৰী ৷ ৰাজনৈতি ক্ষমতাত বলিয়ান হৈ সাধাৰণ জনতাক দুব্যৱহাৰ কৰাত পাকৈত চিদলী সমষ্টিৰ বিধায়কগৰাকী ৷ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীক শাৰিৰীকভাৱে অপমানিত কৰি পুনৰ চৰ্চালৈ আহিছে বিধায়কগৰাকী (MLA Jayant Basumatary)৷

এইবাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰিলে বিতৰ্কিত বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ গুৰু গোঁসাই নমনা বিধায়কগৰাকীয়ে চিৰাঙৰ চিদলী সমষ্টিৰ অন্তৰ্গত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী মণ্ডলক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে (Assam MLA hits govt employee)৷

বিধায়কগৰাকীয়ে মানা কৰা কোনো এটা কাম মণ্ডল জৰ্জ হাজোৱাৰীয়ে অন্য এটা পক্ষৰ নিৰ্দেশ মৰ্মে সম্পন্ন কৰাত খৰ্গহস্ত হৈ পৰি বিধায়কগৰাকীয়ে শনিবাৰে ৰূদ্ৰমূৰ্তি ধাৰণ কৰি প্ৰৱেশ কৰিলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত ৷ কাৰ্যালয়টোত প্ৰৱেশ কৰিয়েই ৰাজহ চক্ৰ বিষয়াৰ সন্মুখতেই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে মণ্ডলগৰাকীক ৷

ইয়াৰ পিচতে প্ৰতিবাদমুখৰ হৈ পৰে কাৰ্যালয়টো (Sidli Revenue Circle Office)৷ বিধায়কৰ হাতত এজন চৰকাৰী কৰ্মচাৰী প্ৰহৃত হ’বলগীয়া ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শনিবাৰে কৰ্মবিৰতি পালন কৰে কৰ্মচাৰীসকলে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বেও বিধায়ক জয়ন্ত বসুমতাৰীয়ে দিছপুৰৰ সচিবালয়ৰ ভিতৰত এগৰাকী কৰ্মচাৰীক প্ৰহাৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল ৷

সচিবালয়ৰ ভিতৰত প্ৰৱেশ কৰি  ইউপিপিএল দলৰ বিধায়কগৰাকী এজন বিষয়াক প্ৰহাৰ কৰিছিল (MLA Jayant Basumatary hits officer) ৷ ইয়াৰ পিচতেই বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল সচিবালয়ৰ চৌহদ ৷ শনিবাৰৰ ঘটনাৰ দৰেই উক্ত দিনা সচিবালৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছিল বিধায়কগৰাকীৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপে ৷

সচিবালয়ৰ(Assam Secretariat) কৰ্মচাৰীসকলে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছিল ৷ উক্ত ঘটনাৰ উচিত বিচাৰ নোহোৱাৰ পৰিণতিত শনিবাৰেও ক্ষমতাত বিভোৰ বিধায়কগৰাকীৰ প্ৰহাৰৰ বলি হ’বলগীয়া হ’ল এগৰাকী মণ্ডল ৷ এই সংক্ৰান্তত লাট মণ্ডল জৰ্জ হাজোৱাৰীয়ে চিদলী আৰক্ষী থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.