HSLC result 2023: দশম স্থান প্ৰাপ্ত ঋতুৰাজ বৰকটকীক সম্বৰ্ধনা জনালে বিধায়ক চক্ৰধৰ গগৈয়ে

By

Published : May 23, 2023, 12:28 AM IST

thumbnail

ডিব্ৰুগড়, 22 মে’: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰিবলৈ সক্ষম হ’ল মৰাণ কুশল নগৰৰ ঋতুৰাজ বৰকটকীয়ে ৷ যাক লৈ আনন্দিত এতিয়া মৰাণবাসী (Rituraj Borkotoki got 10th position in HSLC 2023) ৷ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়েও ৰিতুৰাজক সম্বৰ্ধনা জনাবলৈ উপস্থিত হ’ল ঋতুৰাজৰ বাসগৃহত ৷ গামোচা পিন্ধাই আৰু মিঠাই খুৱাই বিধায়ক গগৈয়ে অভিনন্দন জ্ঞাপন কৰে ঋতুৰাজক (MLA Chakradhar Gogoi congratulates to Rituraj Borkotoki)।

585 নম্বৰসহ দশম স্থান লাভ কৰি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে সমগ্ৰ মৰাণ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ঋতুৰাজে । আনহাতে, ঋতুৰাজৰ ভগ্নি স্নেহা বৰকটকীয়েও এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 88 % লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ স্নেহাকো গামোচা পিন্ধাই আৰু মিঠাই খুৱাই বিধায়ক গগৈয়ে অভিনন্দন জ্ঞাপন কৰে ৷ এওঁলোকৰ লগতে বিধায়ক চক্ৰধৰ গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক : Assam HSLC result 2023: কলা শাখাত পঢ়াৰ মন সপ্তম স্থান প্ৰাপক সুদৰ্শনা ভূঞাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.