Akhil Gogoi Press Meet: মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছা মতে কাম কৰি আহিছে; অখিল গগৈ

By

Published : May 19, 2023, 8:32 PM IST

thumbnail

গুৱাহাটী, 19 মে’: তিনিচুকীয়াত অনুষ্ঠিত হোৱা পঞ্চম উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত পদৰ বিলুপ্তি ঘটাই জিলা আয়ুক্ত বিবেচনা কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি বিধায়কজনে কয় যে, উপায়ুক্ত সকলে জিলাখনৰ মুখ্য সচিব হিচাপে কাম কৰিব আৰু অভিভাৱক মন্ত্ৰীয়ে জিলাখনৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ৷ এই বিষয়টো সংবিধান বিৰোধী বুলি উল্লেখ কৰিছে অখিল গগৈয়ে (Akhil Gogoi Slams CM Himanta Biswa Sarma) ৷  

এজন অভিভাৱক মন্ত্ৰী কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু অসমত অভিভাৱক মন্ত্ৰী বুলি কোনো পদবী নাই ৷ সেয়ে অভিভাৱক মন্ত্ৰী কেতিয়াও মুখ্যমন্ত্ৰী ৰূপে গণ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে, চৰকাৰে যি মন যায় কৰি গৈ আছে ৷ প্ৰতিটো সমষ্টিত এজন অতিৰিক্ত উপায়ুক্তই উপায়ুক্তৰ কাম কৰিব বুলি কৰা ঘোষণাক সমালোচনা কৰে বিধায়কগৰাকীয়ে (CM Himanta Biswa Sarma) ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছা মতে কাম কৰি আহিছে বুলি মন্তব্য কৰি এয়া সম্পূৰ্ণৰূপে স্বৈৰতন্ত্ৰ, গণতন্ত্ৰৰ বিৰোধী সিদ্ধান্ত বুলি আখ্যা দিয়ে অখিল গগৈয়ে (MLA Akhil Gogoi) ৷

আনহাতে, শিৱসাগৰৰ দল-সংগঠনৰ 5 জনকৈ নেতা ক্ৰমে চিটু বৰুৱা, ৰন্টু পানী ফুকন, দেৱজিত দত্ত, প্ৰশান্ত বৰগোঁহাই আৰু অনুপ মজুমদাৰলৈ জাননী জাৰি কৰি শিৱসাগৰ প্ৰশাসনে চুক্তি পত্ৰত এবছৰলৈ আন্দোলন নকৰিবলৈ স্বাক্ষৰ কৰোৱা ঘটনাক স্বেচ্ছাছাৰী আৰু অগণতান্ত্ৰিক আখ্যা দিয়ে অখিল গগৈয়ে (Akhil Gogoi Press Meet) ৷

লগতে পঢ়ক: Akhil Gogoi Press Meet: জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তৰ দাবী অখিল গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.