গৌৰীসাগৰৰ চিৰিপুৰীয়াঘাটৰ দলং নিৰ্মাণত হেমাহি:অখিল গগৈৰ ক্ষোভ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:36 AM IST

thumbnail

গৌৰীসাগৰ, ২২ডিচেম্বৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰি থকা চিৰিপুৰীয়া ঘাটৰ দলং নিৰ্মাণত ঠিকাদাৰ প্ৰতিষ্ঠানৰ হেমাহিৰ কাৰণে বিধায়ক অখিল গগৈয়ে ক্ষোভ প্ৰকাশ কৰিছে । উল্লেখ্য যে কালি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে জনজাগৰণ যাত্ৰাৰ অংশস্বৰূপে দিখৌমুখ অঞ্চলত ৰাইজৰ লগত মিলিত হয় । আমগুৰি সমষ্টিৰ একাংশ শিৱসাগৰ সমষ্টিত সংযোগ হোৱাৰ পিছতে বিধায়ক অখিল গগৈয়ে সমষ্টিটোৰ বহুকেইটা পঞ্চায়তত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।

বৃহস্পতিবাৰে বিধায়ক অখিল গগৈয়ে চিৰিপুৰীয়া ঘাটৰ দলং নিৰ্মাণস্থলীত উপস্থিত হৈ দলঙৰ অগ্ৰগতি মন্থৰ দেখি ক্ষোভ প্ৰকাশ কৰে । স্মৰ্তব্য যে দিখৌমুখ আৰু কোঁৱৰপুৰ বৃহত্তৰ অঞ্চলৰ বহুকেইখন গাঁৱৰ সংযোগস্থল চিৰিপুৰীয়াঘাটৰ দলংখনৰ যোৱা তিনিবছৰ ধৰি নিৰ্মাণকাৰ্য অব্যাহত আছে । বিধায়ক অখিল গগৈয়ে অভিযোগ কৰি কয় যে ৰাজনৈতিক বিবেচনাৰে অনুপযুক্ত ঠিকাদাৰক নিৰ্মাণৰ কাম দিয়াৰ কাৰণেই আজিও সম্পূৰ্ণ হৈ উঠা নাই ।

বিধায়ক অখিল গগৈয়ে ১৮ কোটি টকাৰে ত্ৰিশূল এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । অহা মাৰ্চৰ ভিতৰত দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ প্ৰতিষ্ঠানক সকীয়াই দিয়ে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.