কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:20 AM IST

thumbnail

কলিয়াবৰ, 22 ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাৰমতিত গধুৰ যান-বাহনৰ অবৈধ পাৰ্কিং বন্ধ কৰিবলৈ কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ পূৰ্বতে বহুবাৰ কলিয়াবৰ মহকুমা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছিল যদিও এই নিৰ্দেশনাৰ অমান্য কৰি আহিছিল গধুৰ যান-বাহনৰ চালকসকলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে লাগি থকা 37 নং ৰাষ্ট্ৰীয় পথত উদ্যানখনৰ জীৱকুলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গধুৰ যান-বাহন ৰখোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল ৷

কলিয়াবৰৰ হাৰমতি অঞ্চলত গঢ়ি উঠা হোটেলত খাদ্য গ্ৰহণৰ বাবে গধুৰ যান-বাহনবোৰ ৰাখি এক অসুৰক্ষিত পৰিৱেশ গঢ়ি তোলাক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অসন্তুষ্টি প্ৰকাশ কৰিছিল । ফলত এইবাৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা হোটেলবোৰৰ সমুখত এক্সেভেটৰৰ জৰিয়তে খাল খান্দি যান-বাহন ৰাখিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে ৷

ইফালে প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে হোটেল তথা যান-বাহন মেৰামতি কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰগৰাকী আৰু কৰ্মচাৰীসকলে। মহকুমা প্ৰশাসনৰ এই পদক্ষেপে ব্যৱসায়ীসকলক প্ৰাণে মৰাৰ ব্যৱস্থা কৰিছে বুলি আক্ষেপ কৰিছে স্থানীয় ব্যৱসায়ীসকলে ৷

লগতে পঢ়ক: ঘাইপথত গৰু-ছাগলী উঠিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.