দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়ালে মিতালী হীৰাই, দুটাকৈ সোণৰ পদক অৰ্জন

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:42 PM IST

thumbnail

মিৰ্জা, 19 জানুৱাৰী : দক্ষিণ কামৰূপৰ সাতপখলী গাঁৱলৈ গৌৰৱ কঢ়িয়ালে উদীয়মান খেলুৱৈ মিতালী হীৰা ৷ গাঁওখনৰ জীয়ৰী মিতালী দাসে হাৰিয়ানাত অনুষ্ঠিত হোৱা দশম সংখ্যক Students Sports Festival 2023-24 ত অংশগ্ৰহণ কৰি দুটাকৈ সোণৰ পদক দখল কৰে ৷ 100 মিটাৰ দৌৰ আৰু 200 মিটাৰ দৌৰত খেলুৱৈ গৰাকীয়ে দুটাকৈ সোণৰ পদক অৰ্জন কৰি সুনাম কঢ়িয়াই অনাৰ লগতে 7th Students Olympic Asian Games 2024 ত অংশগ্ৰহণৰ সুযোগ লাভ কৰে ৷

সাতপখলী গাঁৱৰ প্ৰদীপ হীৰা আৰু ৰেৱতী হীৰাৰ কনিষ্ঠ কন্যা মিতালী হীৰাৰ এই সফলতাত পৰিয়ালৰ লগতে গাঁওবাসী উৎফুল্লিত হৈ পৰিছে ৷ বৃহস্পতিবাৰে হাৰিয়ানাৰ পৰা উভতি আহি স্বগৃহত উপস্থিত হোৱাৰ লগে লগেই মিতালী হীৰা উষ্ম আদৰণি জনায় গাঁওবাসীয়ে ৷ 

লগতে পঢ়ক : অলিম্পিকৰ যোগ্যতা অৰ্জন, ভাৰতীয় মহিলা হকী দলৰ সন্মুখত অন্তিম সুযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.