জন্মভূমিলৈ ঘূৰি আহিবলৈ সক্ষম হ’ল বাক্সাৰ আনন্দ বৰাইক

By

Published : Jul 5, 2022, 8:05 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

বহিঃৰাজ্যত আৱদ্ধ ব্যক্তিক উদ্ধাৰ মহানগৰ আৰক্ষীৰ (Missing people rescue by Guwahati police)। উদ্ধাৰ কৰা লোকজন হৈছে বাক্সাৰ আনন্দ বৰাইক ওৰফে বাহাদুৰ । বিগত আঢ়ৈ বছৰ ধৰি হাৰিয়ানাৰ মেৱাটত আৱদ্ধ হৈ আছিল লোকজন । এজন অচিনাকী লোকে হাৰিয়ানাত কাম দিয়াৰ চলেৰে লৈ গৈছিল বাহাদুৰক । বাহাদুৰক অসমলৈ ঘূৰি আহিবলৈ নিদিয়াৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । তথ্য লাভ কৰাৰ পিছতে হাৰিয়ানা আৰক্ষীৰ সহায়ত মহানগৰ আৰক্ষীয়ে(Guwahati city police) চিনাক্ত কৰে লোকজন থকা স্থান । পৰৱৰ্তী সময়ত সেই স্থানৰ ক্ৰাইম ব্ৰান্সে অভিযান চলাই উদ্ধাৰ কৰে লোকজনক । ইয়াৰ পাছত আৰক্ষীয়ে হাৰিয়ানাৰ পৰা আনি পৰিয়ালক চমজাই দিয়ে লোকজনক । উল্লেখ্য যে আঢ়ৈ বছৰ ধৰি কোনো দৰমহা দিয়া নাছিল লোকজনক । দীৰ্ঘদিনৰ মূৰত পৰিয়ালৰ সৈতে চিনাকী কৰাই দিয়াৰ বাবে লোকজনৰ পৰিয়ালে ধন্যবাদ জনায় মহানগৰ আৰক্ষীক ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.