Minor Girl Rape Case: কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰলৈ কৃষ্ণ

By

Published : Jan 27, 2023, 7:07 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰঙাপৰা, 27 জানুৱাৰী: শেহতীয়াকৈ ভাৰতবর্ষত নাৰীজনিত অপৰাধ অথবা নাৰীৰ বিৰুদ্ধে সংঘটিত বিভিন্ন ধৰণৰ হিংসা, নির্যাতনৰ ঘটনাৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৷ সাম্প্ৰতিক সময়ত দেশৰ বিভিন্ন প্ৰান্তত দৈনিক মহিলাৰ মৰ্য্যাদা, মহিলাৰ অধিকাৰসমূহ নিয়মীয়াকৈ খৰ্ব হৈ আহিছে ৷ নেশ্যনেল ক্ৰাইম ৰেকর্ড ব্যুৰ’ (National Crime Record Bureau), চমুকৈ এন চি আৰ বিৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি বিগত প্ৰায় এটা দশকৰ ভিতৰতে ভাৰতত সংঘটিত নাৰীজনিত অপৰাধৰ সংখ্যা দুগুণতকৈয়ো অধিক বৃদ্ধি পাইছে ৷

শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত 1 নং দপদপী গাঁৱত এগৰাকী কিশোৰীক একেখন গাঁৱৰে এটা লম্পটে ধৰ্ষণ কৰাৰ কথা পোহৰলৈ আহিছে (Minor Girl Rape Case at Rangapara) ৷  

ঘটনা অনুসৰি আজিৰ পৰা 9 দিনৰ পূৰ্বে অৰ্থাৎ 18 জানুৱাৰীত নিশা প্ৰায় 7 বজাত 1 নং দপদপী গাঁৱৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক একে গাঁৱৰে কৃষ্ণ কুজুৰ নামৰ এজন যুৱকে মুখত সোপা দি নিৰ্জন ঠাইলৈ লৈ যায় (Minor girl raped by youth)। তাৰ পিছতেই কৃষ্ণই কিশোৰীগৰাকীক জোৰ জবৰদস্তি কৰি বলাৎকাৰ কৰে ৷ কিশোৰীগৰাকীয়ে এনে কৰ্ম নকৰিবলৈ কাকুতি মিনতি কৰাৰ পিছতো নিজৰ অসৎ অভিপ্ৰায় পূৰণ কৰে কৃষ্ণই ৷

পৰৱৰ্তী সময়ত এই কথা কাকো নকবলৈ কৈ কিশোৰীগৰাকীক ভাবুকি দি মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে কৃষ্ণই ৷ নিৰ্যাতিত কিশোৰীগৰাকীয়ে ভীতিগ্ৰস্ত হৈ এই কথা কাকো কোৱা নাছিল যদিও 26 জানুৱাৰীত এই জঘন্য ঘটনাৰ কথাটো পোহৰলৈ আহে ৷ লগে লগে কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনাৰ বিষয়ে অৱগত হৈ আত্মীয় তথা ৰাইজৰ উপস্থিতিত এখন ৰাইজমেলৰ আয়োজন কৰে ৷ ৰাইজমেলত ধৰ্ষণৰ ঘটনাটো সংঘটিত কৰাৰ কথা অকপটে স্বীকাৰ কৰে যুৱকজনে (Rape case in Sonitpur)।

সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষী থানাত ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে এখন এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰ দাখিলৰ পিচতে ৰঙাপৰা আৰক্ষীয়ে অভিযুক্ত কৃষ্ণক আটক কৰি থানালৈ লৈ আহে (Ranagapara police arrested accused)। আৰক্ষীৰ সোধা পোছাতো কৃষ্ণই নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ 

উল্লেখ্য যে, ভাৰতৰ আন আন ৰাজ্যসমূহৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত মহিলাই সামাজিকভাৱে যথেষ্ট মৰ্য্যাদাসম্পন্ন স্থান লাভ কৰি আহিছে যদিও সম্প্ৰতি দেশৰ এই অঞ্চলতো নাৰীজনিত অপৰাধ বা নাৰীৰ অধিকাৰ উলংঘনৰ ঘটনাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ স্বাভাৱিকভাৱেই এই ক্ষেত্ৰত অসম ব্যতিক্ৰম হৈ থকা নাই ৷ সাম্প্ৰতিক সময়ত অসমতো বিভিন্ন ধৰণৰ নাৰীজনিত অপৰাধ তথা নাৰীৰ বিৰুদ্ধে সংঘটিত হিংসা-নির্যাতন-শ্লীলতা হানিৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়া এক সমীক্ষাৰ তথ্য অনুসৰি, নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শীর্ষতম স্থান লাভ কৰা অসমে সৰ্বভাৰতীয় পর্যায়তো সপ্তমখন ৰাজ্য হিচাপে চিহ্নিত হৈছে ৷ এয়া নিশ্চয়কৈ এক অত্যন্ত উদ্বিগ্নতাৰ বিষয় ৷

লগতে পঢ়ক: Attempt to Rape: ছা্ত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলাই আটক অৱসৰপ্ৰাপ্ত শিক্ষক

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.