Attempt to Rape: ছা্ত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলাই আটক অৱসৰপ্ৰাপ্ত শিক্ষক

By

Published : Jan 25, 2023, 10:44 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টাৰ ঘটনাক লৈ বুধবাৰে উত্তপ্ত হৈ পৰে মঙলদৈ চহৰৰ প্ৰফুল্ল নগৰ ৷ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক এজন অৱসৰপ্ৰাপ্ত শিক্ষকে ঘৰলৈ মাতি ধৰ্ষণৰ অপচেষ্টা কৰাৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ(Teacher arrested for allegedly Molest teenager) ৷ অৱশ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত সম্প্ৰতি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত লম্পট অৱসৰপ্ৰাপ্ত শিক্ষকক ৷

মঙলদৈ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত অৱসৰপ্ৰাপ্ত শিক্ষকজন প্ৰিয় নাথ ৷ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰিয় নাথে প্ৰফুল্ল নগৰৰ কিশোৰীগৰাকীক ফুচুলাই নিজৰ ঘৰলৈ মাতি আনি কোঠাত দৰ্জা বন্ধ কৰি এশ টকা যাঁচি ধৰ্ষণৰ চেষ্টা কৰে ৷ তেনেসময়তে ছাত্ৰীগৰাকীয়ে সুযোগ বুজি অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ঘৰৰ পৰা দৌৰি কথমপি নিজকে বচাবলৈ সক্ষম হয়(Teacher arrested on charges of Attempt to Rape ) ৷

ছাত্ৰীগৰাকী ঘৰত উপস্থিত হৈ মাকৰ আগত সমগ্ৰ ঘটনা বৰ্ণনা কৰাত তেওঁ লগে লগে প্ৰতিবেশীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ এই কথা সদৰী হৈ পৰাৰ পাছতেই জাঙুৰ খাই উঠে স্থানীয় ৰাইজ ৷ তেওঁলোকে লগে লগে ঘটনা সন্দৰ্ভত আজি দিনৰ ১০ বজাতেই মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ কিন্তু তাপৰ্যপূৰ্ণভাৱে গণৰাজ্য দিৱসৰ দোহাই দি গোচৰটোৰ পৰা গা এৰা দিছিল আৰক্ষীয়ে ৷

অৱশেষত উত্তেজিত ৰাইজে সন্ধিয়া অভিযুক্ত প্ৰিয় নাথৰ ঘৰত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় মঙলদৈ আৰক্ষী ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অভিযুক্ত শিক্ষক প্ৰিয় নাথক আটক কৰে ৷ সম্প্ৰতি মঙলদৈ আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰিয় নাথ(Rape case in Assam) ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.