হঠাৎ নাইকিয়া হ’ল অজলা মাতৃৰ একমাত্ৰ সাৰথি

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 8:57 AM IST

Updated : Dec 6, 2023, 9:31 AM IST

thumbnail

জনিয়া, 6 ডিচেম্বৰ : কলগাছিয়া বজাৰত খুজি-মাগি খোৱা এগৰাকী মহিলাৰ প্ৰায় চাৰি বছৰীয়া কন্যা সন্তান মঙলবাৰে সন্ধিয়া নিৰুদ্দেশ হয় । কলগাছিয়া স্মাৰ্ট পইন্টৰ সন্মুখেৰে ষ্টেট বেংকৰ সন্মুখলৈ অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে কন্যা সন্তানগৰাকী । চাৰিওফালে বিচাৰ খোচাৰ কৰিও পোৱা নাই কোনো সন্ধান । কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে ৰাইজে ।

এই নিৰুদ্দেশৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, কলগাছিয়াত অৱস্থিত স্মাৰ্ট পইণ্টৰ সন্মুখৰ পৰা কন্যা সন্তানগৰাকী দৌৰি ষ্টেট বেংকৰ সন্মুখলৈ অহাৰ পিচতে নিৰুদ্দেশ হৈ পৰে ৷ পিছে পিছে মাতৃ দৌৰি আহে যদিও কন্যা সন্তানগৰাকীৰ কোনো সন্ধান নাপায় ।

কলগাছিয়া ষ্টেট বেংকৰ সন্মুখত মহিলাগৰাকীক কান্দি থকা প্ৰত্যক্ষ কৰি স্থানীয় কেইজনমান যুৱকে কলগাছিয়া আৰক্ষী থানাত লৈ যায় । ইফালে আৰক্ষীয়েও ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে, কন্যা গৰ্ভত থকা অৱস্থাতে পিতৃৰ পথ দুৰ্ঘটনাত মৃত্যু হয় ।  মহিলাগৰাকীয়ে একমাত্ৰ কন্যা সন্তানক লৈ বজাৰে বজাৰে খুজি-মাগি কন্যা সন্তানটিক লালন পালন কৰি আহিছে ৷ কন্যাগৰাকী কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ ব্যক্ত কৰাৰ লগতে কোনো সদাশয় ব্যক্তিয়ে কন্যা গৰাকীৰ সন্ধান পালে কলগাছিয়া আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : মোবাইলত অচিনাকী ব্যক্তিৰে সম্পৰ্ক গঢ়ি দুমাহে নিৰুদ্দেশ হৈ আছে গোগামুখৰ কিশোৰী

Last Updated : Dec 6, 2023, 9:31 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.