দুগৰাকীকৈ নাবালিকাক পলুৱাই নিজেও পলাতক

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 11:01 PM IST

thumbnail

বঙাইগাঁও, 4 জানুৱাৰী : যিটো সময়ত চৰকাৰ তথা প্ৰশাসনে বাল্যবিবাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি অভিযান চলাই বহু অবৈধ স্বামীসহ, অভিভাৱক, পুৰোহিত আৰু কাজীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে, সেই সময়তো ঘটি আছে বহুত নঘটিবলগীয়া ঘটনা । চৰকাৰৰ এই বাল্যবিবাহ বিৰোধী অভিযানক জনসাধাৰণৰ লগতে ৰাজ্যৰ সকলো বুদ্ধিজীৱি আৰু ৰাজনীতিবিদে ভূয়সী প্ৰশংসা কৰাৰ লগতে পৰামৰ্শও আগবঢ়াইছে ।

শেহতীয়াকৈ চৰকাৰৰ এই সিদ্ধান্তক ভেঙুচালি কৰি এক নাৰকীয় ঘটনা সংঘটিত কৰিলে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুশলাইগুৰী গাঁৱৰ জয়দেৱ সৰকাৰ নামৰ ব্যক্তি এজনে । নিজৰ সম্বন্ধীয় নাবালিকা ভতিজীক পলুৱাই লৈ যায় তেওঁ । জয়দেৱ সৰকাৰে ইতিপূৰ্বে চিলাপথাৰৰ পৰা আন এজনী ১৬ বছৰীয়া কিশোৰী এজনীক পলুৱাই আনি নিজ ঘৰতে ৰাখিছে ৷ অৱশ্যে নাবালিকা বুলি গম পোৱাৰ পাচত স্থানীয় ৰাইজে বিয়া পাতিবলৈ বাধা প্ৰদান কৰে যদিও জয়দেৱ সৰকাৰে ৰাইজৰ অবাধ্য হৈ প্ৰথম কিশোৰীজনীক বিয়া নপতাকৈয়ে নিজ ঘৰতে ৰাখে । ইতিমধ্যে কিশোৰীজনী ন-মহীয়া গৰ্ভৱতী বুলি জানিব পৰা গৈছে । এই সংক্ৰান্তত দ্বিতীয় কিশোৰীজনীৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি মাণিকপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ।

বাল্যবিবাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰি ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটিয়ে । এই ঘটনা সংক্ৰান্তত মাণিকপুৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : Student kidnapping news: ৬৫ হাজাৰ টকাত বিক্ৰী স্কুলীয়া ছাত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.