Sarbananda Sonowal at GU: কৃষ্ণচূড়াৰ দেশত নষ্টালজিক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Jan 22, 2023, 7:14 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী বিশ্ববিদ্যালয়(Guwahati University) চৌহদত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Minister Sarbananda Sonowal)৷ বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল সৰ্বানন্দ সোণোৱাল । কৃষ্ণচূড়াৰ দেশৰ অতীত বিচাৰি উপস্থিত হ’ল বিশ্ববিদ্যালয় জীৱনৰ এৰাব নোৱাৰা অংগ 'মাৰ্কেট’ত(Sarbananda Sonowal at GU) ৷

একালত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত বিশ্ববিদ্যালয়ৰ মাৰ্কেটৰ চিৰপৰিচিত ৰামেশ্বৰ বৈশ্যৰ 'বৈশ্য ষ্টোৰ'ৰ সৈতে সৰ্বানন্দ সোণোৱালৰ নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল । দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৈশ্য ষ্টোৰত সোমাই নষ্টালজিক হৈ পৰিল।  

তেখেতে উল্লেখ কৰে, "আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকা কালত বৈশ্যদাৰ দোকানখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল । বৈশ্য ষ্ট'ৰৰ স্বত্বাধিকাৰী ৰামেশ্বৰ বৈশ্যৰ আত্মীয়তাৰ মনোভাৱে আমাক অত্যন্ত আপ্লুত কৰিছিল । এই ঠাইখিনিতে ঠন ধৰি উঠিছিল সহপাঠীসকলৰ সৈতে বহু স্মৰণীয় আড্ডা আৰু বন্ধুত্বৰ নিভাঁজ স্মৃতি ।"

লগতে সোণোৱালে কয় "আজি আপোন গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহোঁতে বৈশ্যদাৰ দোকানখনত এখন্তেক সোমাই নষ্টালজিক হৈ পৰিলোঁ । তেখেতৰ পৰিয়ালৰ লোকৰ পৰা তেখেতৰ অসুস্থতাৰ বিষয়ে জানিবলৈ পাই উদ্বিগ্ন হৈছোঁ । বৈশ্যদাৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ।" ইফালে, একালৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা বৰ্তমানৰ মন্ত্ৰীগৰাকীক লগ পাই উৎফুল্লিত হৈ পৰিল ৰামেশ্বৰ বৈশ্য ৷

ছাত্ৰ-সন্থা কৰি থকাৰ সময়ত বৈশ্যদাৰ দোকানত আমি পান-তামোল খাওঁ, তেখেতে প্ৰতিজনৰে ভাল-বেয়াৰ খবৰ লয়, পৰিয়ালৰ খবৰ লৈ বুলি সংবাদমাধ্যৰ আগত কৈ পুৰণি স্মৃতি ৰোমন্থন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীৰে চিনাকি আৰু অতি আপোন বিশ্ববিদ্যালয় চৌহদৰ এই মাৰ্কেট অথবা বৈশ্যদাৰ দোকান(GU Market) ৷ যাৰ সৈতে জড়িত হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ স্মৃতি ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.