Assam Govt distribute Bicycles:মাজুলীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 9:29 AM IST

thumbnail

মাজুলী, 14 অক্টোবৰ : শুকুৰবাৰে সত্ৰ নগৰী মাজুলীৰ ২৮৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰা হয় । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা নদীদ্বীপ জিলা মাজুলীৰ গড়মূৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

"শিক্ষাৰ্থীৰ কল্যাণ চৰকাৰৰ দায়বদ্ধতা জ্ঞান অন্বেষণৰ সুগম হ’ব যাত্ৰা" এই শ্ল’গান সুঁৱৰিয়ে এই সকল ছাত্র-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় । এই চাইকেল বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ চাহ জনজাতি উন্নয়ন আৰু শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ । মাজুলীৰ ১৪৬৯ গৰাকী ছাত্র আৰু ১৪১৬ গৰাকী ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় চাইকেল । চাইকেল বিতৰণৰ পিচতে মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে । এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ উপৰিও মাজুলীৰ বিধায়ক, আয়ুক্তা, মাজুলী জিলা বিজেপিৰ সভাপতিগৰাকী উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Govt distribute Bicycles: কোকৰাঝাৰত চাইকেল বিতৰণ প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.