ETV Bharat / state

Assam Govt distribute Bicycles: কোকৰাঝাৰত চাইকেল বিতৰণ প্ৰমোদ বড়োৰ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:13 PM IST

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত কোকৰাঝাৰতো ছাত্ৰ-ছাত্ৰীলৈ চাইকেল বিতৰণ ৷ কোকৰাঝাৰ জিলাৰ ৯২ খন বিদ্যালয়ৰ মুঠ ১২৭৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ চাইকেল বিতৰণ । ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে  ৷ চাইকেল লাভ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে সময়মতে বিদ্যালয়লৈ অহা-যোৱা কৰিব পাৰিব বুলি মন্তব্য BTR প্ৰধানগৰাকীৰ ৷

Pramod Boro distributes bicycle in Kokrajhar
কোকৰাঝাৰত চাইকেল বিতৰণ প্ৰমোদ বড়োৰ

কোকৰাঝাৰত চাইকেল বিতৰণ প্ৰমোদ বড়োৰ

কোকৰাঝাৰ,১৩ অক্টোবৰ: মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শুকুৰবাৰে ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীলৈ চাইকেল বিতৰণ কৰা হয় ৷ ইয়াৰে অংশস্বৰূপে কোকৰাঝাৰতো কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হোৱা চাইকেল বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ উক্ত অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ৯২ খন বিদ্যালয়ৰ মুঠ ১২৭৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ চাইকেল বিতৰণ কৰা হয় ।

উক্ত অনুষ্ঠানত প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰে । চাইকেল বিতৰণ কাৰ্যসূচীৰ পিছত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে গ্ৰাম্য অঞ্চলৰ লগতে নগৰ অঞ্চলৰো বহুতো ছাত্ৰ-ছাত্ৰীৰ সময়মতে বিদ্যালয়ত সময়মতে উপস্থিত হ'বলৈ ব্যৱস্থা নাথাকে । চাইকেল লাভ কৰাৰ পিছত তেওঁলোকে সময়মতে বিদ্যালয়লৈ অহা-যোৱা কৰিব পাৰিব আৰু ঘৰৰ কামতো চাইকেলখন ব্যৱহাৰ কৰিব পাৰিব । মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি প্ৰমোদ বড়োৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰখনত নতুন সংস্কৃতিৰ আৰম্ভ হৈছে ।

সমাজৰ সকলো নাগৰিকৰ সুবিধাৰ্থে নতুন নতুন আঁচনি গ্ৰহণ কৰা হৈছে । দশকৰ পিছত দশক ধৰি বৰ্তি থকা সমস্যাবোৰ স্থায়ীভাৱে সমাধান কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ সমাজ জীৱনত পৰিৱৰ্তন যি মিছন আৰম্ভ কৰিছিল সেয়া অতিশীঘ্ৰে বাস্তৱত ৰূপায়ণ হ'ব । দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক গঢ়াৰ মুখ্যমন্ত্ৰীৰ যি সপোন সেয়া অতি সোনকালেই পুৰণ হ'ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰীৰ অচ্ছে দিন অসমত তথা বিটিআৰত আহি গ'ল বুলি মন্তব্য কৰে ।

উল্লেখ্য যে উক্ত অনুষ্ঠানত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, গোসাঁইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম, জিলা শিক্ষা বিষয়া আৰু খণ্ড শিক্ষা বিষয়াসকল উপস্থিত থাকে ৷ তদুপৰি চাইকেল বিতৰণ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Rangaura Narzary slams BPF: BPF ৰ মানুহকে পুনৰ BPF ত যোগদান কৰাইছে: ৰণগৌৰা নাৰ্জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.