ETV Bharat / state

Rangaura Narzary slams BPF: BPF ৰ মানুহকে পুনৰ BPF ত যোগদান কৰাইছে: ৰণগৌৰা নাৰ্জাৰী

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 8:10 PM IST

বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত চাইকেল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি BPF তথা হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ । শংকিত হৈ হাগ্ৰামাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি উল্লেখ কৰে নাৰ্জাৰীয়ে । বাক্সাৰ ১২৪ খন বিদ্যালয়ৰ ৬৭৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় চাইকেল ।

Bicycles distribution program held in Baksa
বাক্সাত চাইকেল বিতৰণ কাৰ্যসূচীত সাংসদ ৰণগৌৰা নাৰ্জাৰী

বাক্সাত চাইকেল বিতৰণ কাৰ্যসূচীত সাংসদ ৰণগৌৰা নাৰ্জাৰী

বাক্সা,১৩ অক্টোবৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাতো অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী । বাক্সাৰ মুছলপুৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰণগৌৰা নাৰ্জাৰী । বাক্সাৰ ১২৪ খন বিদ্যালয়ৰ ৬৭৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ চাইকেল বিতৰণ কৰা হয় ।

মুছলপুৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে । তেওঁ কয় যে হাগ্ৰামা বৰ্তমান শংকিত । বিপিএফৰ মানুহকে পুনৰ বিপিএফত যোগদান কৰাইছে । গতিকে UPPL ৰ ভয় খাবলগীয়া একো নাই । বৰঞ্চ BPF হে শংকিত হৈছে । তেওঁলোকৰ মানুহেহে ইউপিপিএলত যোগদান কৰিছে বুলি উল্লেখ কৰে নাৰ্জাৰীয়ে ।

আনহাতে সমাগত লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা সন্দৰ্ভত তেওঁ কয় যে ৰাজনৈতিক দলে নিজৰ নিজৰ এজেণ্ডা অনুসৰি কাম কৰিব । UPPL য়েও NDA হিচাপে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৰণগৌৰা নাৰ্জাৰীয়ে । ইয়াৰোপৰি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে চৰকাৰে যোগান ধৰা চাইকেলসমূহ নীতি-বহিঃৰ্ভূতভাৱে বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আগতীয়াকৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ কাৰণে আই এছ ভৱেন দেউৰীক চাকৰিৰ পৰা নিলম্বন কৰা হয় বুলি মন্তব্য কৰে ৰণগৌৰা নাৰ্জাৰীয়ে ।

ইফালে একাংশ শিক্ষকে নিজৰ কৰ্তব্যৰ প্ৰতি পিঠি দি ৰাজনৈতিক সভা-সমিতিয়ে ঘূৰি ফুৰা কাৰ্যক গৰিহণা দি শিক্ষকসকলে নিজে নিজে নিজৰ দায়িত্ব পালন কৰা উচিত বুলি মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত চাইকেল বিতৰণ কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ উপৰিও বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, পাৰিষদ মণ্টু বড়ো, জিলা আয়ুক্ত মাচণ্ডা পাৰ্টিন, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা কেইবা সহস্ৰাধিক শিক্ষক তথা ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Lok Sabha Election 2024 : কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকাক লৈ বিৰোধী ঐক্যত খলকনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.