Ranjit Kumar Das in Bongaigaon: দিল্লীতকৈও কম অসমৰ বিদ্যুৎ মাছুল: ৰঞ্জিত কুমাৰ দাস

By

Published : Apr 1, 2023, 12:30 PM IST

thumbnail

বঙাইগাঁও, 1 এপ্ৰিল:  "যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি সামগ্ৰীৰ মূল্য বৃদ্ধি হয় ৷ জনতাৰ মংগলৰ বাবেহে মূল্যবৃদ্ধি কৰা হয়" এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ৷ বঙাইগাঁৱৰ বিহু নৃত্যৰ আখৰাস্থলীত উপস্থিত হৈ সাংবাদিকৰে হোৱা মত বিনিময়ত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Ranjit Kumar Das in Bongaigaon) ৷  

মূল্যবৃদ্ধি সন্দৰ্ভত সোধা এক প্ৰশ্নত তেওঁ কয় যে, সামগ্ৰীৰ মূল্য বজাৰৰ ওপৰত নিৰ্ভৰ কৰে; যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি সামগ্ৰীৰ মূল্যবৃদ্ধি হয় ৷ এইবাৰ চৰকাৰে যে কৰবিহীন বাজেট ৰাইজক উপহাৰ দিছে সেইবিষয়ে কোনোৱে নকয় ৷ কিন্ত কিবা কাৰণত কোনো এটা সামগ্ৰীত কৰ আৰোপ অথবা কৰ বৃদ্ধি কৰা হ'লে তেতিয়া সকলোৱে চৰকাৰক সমালোচনা কৰিলেহেঁতেন বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Ranjit Kumar Das comments on price Hike) ৷

বিদ্যুৎ মাছুল বৃদ্ধি সন্দৰ্ভত তেওঁ কয় যে, অসমৰ বিদ্যুৎ মাছুল বৃদ্ধি দিল্লীতকৈও কম হয় ৷ ভাৰতৰ কেইবাখনো চহৰৰ তুলনাত গুৱাহাটীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য যথেষ্ট কম বুলিও মন্তব্য কৰে তেওঁ (Ranjit Kumar Das comments on Power Charges) ৷

লগতে ইচ্ছাকৃতভাৱে চৰকাৰে মূল্যবৃদ্ধি নকৰে, জনসাধাৰণৰ মংগলৰ বাবেহে মূল্যবৃদ্ধি হয় বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ কিয়নো দেশ অথবা ৰাজ্যৰ আন্তগাঁথনি, শিক্ষা, চিকিৎসা ইত্যাদি বিভিন্ন উন্নয়নমূলক কামৰ বাবেহে চৰকাৰে মূল্যবৃদ্ধি কৰে বুলি মন্তব্য কৰে তেওঁ ৷ আনহাতে পৌৰ কৰ বৃদ্ধি নকৰিলে পৌৰ এলেকাসমূহৰ উন্নয়ন কৰিব পৰা নাযাব, গতিকে সময়ৰ লগে লগে পৌৰ কৰ বৃদ্ধি কৰিবই লাগিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷

১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত অসমৰ বাপতিসাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা প্ৰচেষ্টাক ৰাজ্যবাসীৰ কাৰণে গৌৰৱৰ কথা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (Guinness Book of World records Assam Bihu) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.