Karam Festival Celebration: মাদলৰ ছেৱে ছেৱে প্ৰথমবাৰলৈ ঝুমুৰ নাচিলে পীযুষ হাজৰীকাই

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 12:13 PM IST

Updated : Sep 26, 2023, 12:31 PM IST

thumbnail

তিনিচুকীয়া, 26 ছেপ্তেম্বৰ: সোমবাৰে সমগ্ৰ ৰাজ্যতে চাহ জনগোষ্ঠী লোকসকলে পালন কৰিলে পৰম্পৰাগত কৰম উৎসৱ ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাতো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছিল কৰম উৎসৱ ৷ ডুমডুমাত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰম উৎসৱত নিশাৰ ভাগত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে বিধায়ক ৰূপেশ গোৱালা, বিধায়ক বলিন চেতিয়া আৰু সাংসদ প্ৰদান বৰুৱা ৷

ডুমডুমাৰ কৰম সন্মিলত মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰা দেখা গ’ল মন্ত্ৰী পীযুষ হাজৰীকাক ৷ সোকলো পাহৰি যেন মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰি গ’ল মন্ত্ৰী গাৰকীয়ে ৷ আনহাতে, মন্ত্ৰী পীযুষক সংগ দিয়ে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু সাংসদ প্ৰদান বৰুৱাই ৷ ইফালে প্ৰথমবাৰলৈ ঝুমুৰ নৃত্য কৰি ভাল পোৱাৰ কথা মন্ত্ৰী পীযুষে উল্লেখ কৰে সাংবাদিকৰ আগত ৷ ‘‘ঝুমুৰ নৃত্য কৰা মোৰ এয়াই প্ৰথম ৷ আগতে ঝুমুৰ নৃত্য কৰা নাছিলো ৷ আজি ঝুমুৰ নৃত্য কৰাৰ চেষ্টা কৰিলো খুব ভাল লাগিল আকৌ আহিম ৷’’ 

লগতে পঢ়ক:Arunachal Pradesh: মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ পৰিয়ালক চমজাই দিয়াৰ চেষ্টা দেওমালিত নিহত শ্ৰমিকৰ মৃতদেহ 

Last Updated : Sep 26, 2023, 12:31 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.