দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:17 PM IST

thumbnail

গোলাঘাট, 4 জানুৱাৰী : দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত পৰিয়ালৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷ এই শোকাৱহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা সকলৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব লৈছে চৰকাৰে ৷ সাংবাদিকৰ আগত এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে যোৰহাটৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা প্ৰীতি শ‌ইকীয়া নামৰ কণমানিজনীৰ প্লাষ্টিক চাৰ্জাৰীকে ধৰি সম্পূৰ্ণ চিকিৎসাৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ লগতে চিকিৎসা বিভাগৰ দলে প্ৰতিদিনে গাঁওখনত চিকিৎসা সেৱা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে তেওঁ ৷ তদুপৰি এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক আজি সাক্ষাৎ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ 

লগতে পঢ়ক : দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনা : GMCH ত চিকিৎসাধীন চাৰিগৰাকীৰ অৱস্থা সুস্থিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.