গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত মন্ত্ৰী কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:42 PM IST

thumbnail

গোলাঘাট, 6 ডিচেম্বৰ: পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত সমন্বয় ক্ষেত্ৰত আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গোলাঘাট গ্ৰন্থমেলাৰ ৷ এই গ্ৰন্থমেলাথলীত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই কয়, "এইবাৰৰ গ্ৰন্থমেলাই পৰিৱেশেই সলনি কৰি দিছে । অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰত গ্ৰন্থমেলাৰ ভূমিকা অনন্য । গ্ৰন্থমেলা আয়োজনৰ দৰে মহৎ কাৰ্যত জড়িতসকলে অসমীয়া জাতীয় জীৱনকে সমৃদ্ধ কৰি তুলিছে ।" 

গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ বাকৰিত নিশা উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই ক্ৰয় কৰিলে কেবাখন পছন্দৰ গ্ৰন্থ । এই অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷ বৰ্তমানলৈকে মিত্ৰ দলৰ সৈতে আসন সম্পৰ্কে কোনোধৰণৰ আলোচনা হোৱা নাই বুলি উল্লেখ কৰি অসমত এইবাৰ দলে অভিলেখ সৃষ্টি কৰিব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

লগতে, কংগ্ৰেছ দলৰ অৱস্থা পূৰ্বতকৈ বেয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়ক: লোকসভালৈ অগপৰ সাংসদ নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি দাবী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.