ভূপেন বৰা থকালৈকে কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে: জয়ন্ত মল্ল

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 5:37 PM IST

thumbnail

গুৱাহাটী ২৮ নবেম্বৰ: পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছে দাবী কৰি আহিছে যে বিজেপি এইবাৰ পাঁচ শূন্য ব্যৱধানত পৰাজিত হ'ব । প্ৰদেশ কংগ্ৰেছৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়," প্ৰদেশ কংগ্ৰেছে যি নক'লেও আমি ন্য়ূনতম দুখন ৰাজ্যত জয়লাভ কৰিম । বাকী তিনিখন এতিয়ালৈকে যদিও ক'ব পৰা হোৱা নাই, দুখনত নিশ্চিত হৈছো । তিনিখনত জিকিলেও আচৰিত হবলগীয়া নাই ।"  

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত সন্দৰ্ভত মন্তব্য আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে আমি এতিয়ালৈকে চাৰে এঘাৰখন আসন পাম । কিন্তু আমি এতিয়া ১৪ খন পাবলৈ কাম কৰি আছো । ইফালে, কংগ্ৰেছ চৰকাৰ আহিলে পুৰনি পেঞ্চন নীতি বাহাল ৰাখিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত মন্ত্ৰী গৰাকীয়ে কয় যে ভূপেন বৰাৰ ৰাজনৈতিক জীৱন থকালৈকে কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে ৷ গতিকে তেওঁ যি মুখত আহে তাকে কয় ৷ তেওঁলোকেও জানে যে তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ আহিব নোৱাৰে ।  

লগতে পঢ়ক:বিপিএফক ৰুধিবলৈ চন্দন ব্ৰহ্মক আমদানি কৰিব নেকি বিজেপি মিত্ৰজোঁটে ?

আনহাতে, শীতকালিন অধিবেশন অনুষ্ঠিত নকৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । তেওঁ বিৰোধীৰ বিধায়কক কটাক্ষ কৰি কয়," ফেব্ৰুৱাৰীত বাজেট অধিবেশন অনুষ্ঠিত কৰা হ'ব ৷ বিৰোধী বিধায়কে আমাক লগ পায়েই থাকে ৷ কিবা প্ৰশ্ন থাকিলে আমাক সুধিব পাৰে ৷ ফোন কৰিবও পাৰে, নতুবা ঘৰলৈও আহিব পাৰে । আমি উত্তৰ দিবলৈ সাজু । বিধানসভা অধিবেশনত তেওঁলোকে সময় কমহে পায় ।"

লগতে পঢ়ক:বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নহ’লে ভৱিষ্যৎ ৰাজনীতিত নেতিবাচক প্ৰভাৱ পৰিব: বিৰোধী দলপতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.