বিৰোধী থাকিলেও আমি যোৰহাটত লোকসভা সমষ্টিত জিকিমেই : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:45 PM IST

thumbnail

মাজুলী, 13 ডিচেম্বৰ  : ‘‘মাজুলীত বিৰোধী থাকক বা নাথাকক আমি জিকিমেই ৷’’ বুধবাৰে মাজুলীত এই দাবী কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ তেওঁ কয়, ‘‘যোৰহাট লোকসভা সমষ্টিত বিৰোধী দলৰ প্ৰাৰ্থী কোন হয় তাক লৈ কোনো মূৰ ঘমোৱাৰ দৰকাৰ নাই ৷ বিজেপি দলৰ এক শক্তিশালী ভেটি আছে ৷ গতিকে এইবাৰ যোৰহাট লোকসভা নিৰ্বাচনত বিজেপি দল বিপুল সংখ্যক ভোটত জয়ী হ’ব ৷ বিজেপি দলৰ প্ৰতি মাজুলীবাসীৰ আশীৰ্বাদ আগতেও আছিল আৰু আগলৈও থাকিব ৷’’

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত লখিমপুৰ লোকসভা সমষ্টিৰ সলনি যোৰহাট লোকসভা সমষ্টিত মাজুলী বিধানসভা অন্তৰ্ভুক্ত হোৱাৰ পাচত যোৰহাটত লোকসভা সমষ্টিত বিজেপি অধিক শক্তিশালী হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘মাজুলীৰ ৰাইজে পূৰ্বে লখিমপুৰ লোকসভা সমষ্টিত ভোট দিছিল ৷ এইবাৰ যোৰহাট সমষ্টিত ভোট প্ৰদান কৰিব ৷ পূৰ্বতকৈ আমি বেছি ভোট লাভ কৰিম ৷’’

লগতে পঢ়ক : মাজুলীত কংগ্ৰেছৰ বিৰুদ্ধে BJP ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.