মাজুলীত কংগ্ৰেছৰ বিৰুদ্ধে BJP ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:15 PM IST

thumbnail

মাজুলী,৯ ডিচেম্বৰ: ঝাৰখণ্ডত কংগ্ৰেছ দলৰ এজন সাংসদৰ ঘৰত আয়কৰ বিভাগে তালাচী চলাই ৩০০ কোটি টকা উদ্ধাৰ কৰাক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । সাধাৰণ ৰাইজৰ ধন আত্মসাৎ কৰা কংগ্ৰেছ দল আৰু I.N.D.I.A জোট বন্ধনৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাজুলী জিলা সদৰ গড়মূৰত মাজুলী জিলা বিজেপিয়ে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মাজুলীৰ বিধায়ক ভুৱন গামে ।  

অংশগ্ৰহণ কৰে মাজুলী জিলা বিজেপিৰ সভাপতি বিৰেণ শইকীয়াকে ধৰি বহু নেতা কৰ্মীয়ে । মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা হাতে হাতে বিজেপি পতাকা লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছ দল হুচিয়াৰ, ভ্ৰষ্টাচাৰী কংগ্ৰেছ দল হুচিয়াৰ, খেদ ঐ খেদ কংগ্ৰেছ দলক খেদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধ্বনি দি বিজেপিৰ কর্মীসকলে কয় যে কংগ্ৰেছ আৰু I.N.D.I.A জোট বন্ধনৰ দলক আহি থকা নিৰ্বাচনত ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিব ।  

লগতে পঢ়ক: সোৱণশিৰিৰ বুকুত আৱদ্ধ ফেৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.