Chandra Mohan Patowary visits Nalbari: ধৰ্মপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

By

Published : Jun 23, 2023, 6:42 PM IST

thumbnail

নলবাৰী, 23 জুন: নলবাৰীত বানাক্ৰান্তৰ কাষত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ ধৰ্মপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পাটোৱাৰীৰ ৷

শুকুৰবাৰে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত কৈঠালকুছি, নাকেৰবাৰী, নদলা , সাহপুৰ আদি অঞ্চলৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মৰা পাগলাদিয়া, বুঢ়াদিয়াৰ বলিয়া বানে ত্ৰাস চলোৱা পশ্চিম নলবাৰীত শুকুৰবাৰে বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বান শিবিৰ সমূহো পৰিদৰ্শন কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷ 

আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্তক পৰ্যাপ্ত বান সাহাৰ্য প্ৰদানৰ আশ্বাস মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ আনহাতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

লগতে পঢ়ক: Jorhat-Majuli ferry service : অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলী ফেৰী সেৱা; যাত্ৰীৰ হাহাকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.